যুটীয়া সংসদীয় কমিটীৰ কাৰচাজি কোনো কাৰণতে মানি লোৱা নহ’ব : বাওঁ গণতান্ত্ৰিক মঞ্চ

06-04-18 Guwahati- Deben Bhattacharya PMT (2)

অসমত শুনানি অনুষ্ঠিত নকৰাকৈ যুটীয়া সংসদীয় কমিটীয়ে প্ৰতিবেদন দাখিল কৰিবলৈ চলোৱা কাৰচাজি কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে বাওঁ গণতান্ত্ৰিক মঞ্চই।

গুৱাহাটী প্ৰেছ ক্লাবত শুকুৰবাৰে এখন সংবাদমেলত আয়োজন কৰি বাওঁ গণতান্ত্ৰিক মঞ্চই কয় যে কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ সৈতে অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক জীৱনৰ ওতপ্ৰোত সম্পৰ্ক আছে।

কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে অসমৰ স্বাৰ্থৰ সম্পূৰ্ণ পৰিপন্থী এই বিধেয়কখন  সংসদত উত্থাপন কৰি ইয়াত আইনত পৰিণত কৰাৰ অহৰ্নিশে চেষ্টা চলাই আছে। লোক সভাত উত্থাপনৰ পিছত বিৰোধী দলসমূহৰ প্ৰবল প্ৰতিবাদ আৰু হেঁচাত বিধেয়কখন যৌথ কমিটীলৈ অধ্যয়নৰ বাবে প্ৰেৰণ কৰা নাই।

যুটীয়া সংসদীয় কমিটীয়ে পৰৱৰ্তী সময়তে বিভিন্ন দল-সংগঠনৰ সৈতে মত-বিনিময় কৰাৰ উদ্দেশ্যে দেশৰ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰি শুনানি গ্ৰহণ কৰে যদিও আজি পৰ্যন্ত অসমলৈ আহি শুনানি নকৰাত বাওঁ গমতান্ত্ৰিক মঞ্চই তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে।

কেন্দ্ৰীয় চৰকাৰে জনমতক উপেক্ষা কৰিলে আগন্তুক সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিছে এঘাৰটা ৰাজনৈতিক দলৰ এই উমৈহতীয়া মঞ্চই।

সংবাদমেলযোগে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ এখনত ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদান কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি বাওঁ গণতান্ত্ৰিক মঞ্চই সকীয়াই দিছে। যুটীয়া সংসদীয় কমিটী অসমলৈ আহি দল-সংগঠনসমূহৰ মতামত গ্ৰহণ কৰাটো অতি জৰুৰী বুলি বাওঁ গণতান্ত্ৰিক মঞ্চই মন্তব্য কৰিছে।

উল্লেখযোগ্য যে চি পি আই (এম), চি পি আই, চি পি আই (এম-এল), এন চি পি, জনতা দল (এছ), সমাজবাদী পাৰ্টি, আম আদমি পাৰ্টি, এল ডি পি, অসম সংগ্ৰামী মঞ্চ, আৰ চি পি আই আৰু এ আই  এফ বিক লৈ বাঁও গণতান্ত্ৰিক মঞ্চ গঠন কৰা হৈছে।