NORTHEAST NOW (Assamese)

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ আহ্বান

May 6, 2018 9:26 am · এন ই নাও নিউজ

শনিবাৰে ৰহাত অনুষ্ঠিত এক সংগীতানুষ্ঠানত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে তিনিচুকীয়া জিলাৰ বৰডুমচাৰ কুজুপথাৰত আলফা (স্বাঃ)ৰ সৈতে হোৱা তুমুল সংঘৰ্ষত চহিদ হোৱা আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ স্মৃতি ৰোমন্থন কৰে।

উল্লেখযোগ্য যে জুবিন গাৰ্গে আলফা (স্বাঃ)ৰ গুলীত চহিদ হোৱা তথা বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

আনহাতে সংগীতানুষ্ঠানতে জুবিন গাৰ্গে আলফা (স্বাঃ)ৰ পৰেশ বৰুৱালৈ জনাই কেইটিমান আহ্বান। জুবিনে পৰেশ বৰুৱালৈ আহ্বান জনাই কয় যে, ‘পৰেশ দা আপুনি শান্তি আলোচনালৈ আহক, আমাক শান্তি লাগে, আৰু অসমীয়া যুৱকৰ মৃত্যু নিবিচাৰো আমি।’

ইফালে নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত একাংশ উদণ্ড যুৱকে শিলগুটি নিক্ষেপ কৰে। কণ্ঠশিল্পী গৰাকীৰ সহশিল্পী শতাব্দীৰ গালৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। আহত হোৱাৰ পৰা কোনোমতে ৰক্ষা পৰে কণ্ঠশিল্পী গৰাকী।

পিছত আৰক্ষীয়ে লাঠী চালনা কৰিবলৈ বাধ্য হয়। অৱশ্যে আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

Related News