অহা ১২ মে’ত কৰ্ণাটক বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে বাঙ্গালোৰত ব্যস্ত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ ৰিপুন বৰাই শণিবাৰে কৰ্ণাটকত থকা অসমৰ লোকসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু লগতে এটা সমূহীয়া ভৱন নিৰ্মাণৰ বাবে সাংসদ পুঁজিৰ পৰা ২৫ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
কৰমাংগালাত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত প্ৰায় ৩ শতাধিক অসমৰ লোক উপস্থিত থাকে।
উল্লেখযোগ্য যে সাংসদগৰাকীয়ে স্থানীয় কৰ্মৰত লোক, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক সকলো ক্ষেত্ৰতে সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস দিয়ে।
উক্ত মত বিনিময় অনুষ্ঠানত সভাপতি ৰিপুন বৰাই নিজৰ মনোভাব ব্যক্ত কৰাৰ লগতে কৰ্ণাটকত থকা অসমৰ লোকসকলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে সাংসদ গৰাকী। তেওঁ লগতে বাংগালোৰত কৰ্মৰত অসমৰ লোকসকলক স্ব-প্ৰতিভাৰে জিলিকি উঠিবৰ বাবে আহ্বান জনায়।
সেই সভাতে কৰ্ণাটকৰ সাংসদ কে চি ৰামামূৰ্তীয়ে নিজৰ সাংসদ পুঁজিৰ পৰা ১০ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
সম্পূৰ্ণ নিৰ্বাচনকেন্দ্ৰিক এই অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱা আৰু ইমদাদ হুছেইনকে ধৰি অসম এচ’চিয়েচনৰ কৰ্ণাটকৰ সাধাৰণ সম্পাদক হিৰকজ্যোতি কাকতিকে প্ৰমূখ্য কৰি অসম ছ’ছাইটি, অসম এচ’চিয়েচনৰ একাংশ সদস্য উপস্থিত থাকে।