যোগদল হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত দুজন আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ

২০০৯ চনত সংঘটিত লোমহৰ্ষক যোগদল হত্যাকাণ্ড সন্দৰ্ভত বুধবাৰে নিশা দুজন আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰে। ধৃত বিষয়া দুজন হৈছে প্ৰণৱ ডেকা আৰু আব্দুল লতিফ মজুমদাৰ। মন কৰিবলগীয়া যে হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত প্ৰণৱ ডেকা আছিল সোনাপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আব্দুল লতিফ মজুমদাৰ আছিল ঘটনাটোৰ তদন্তকাৰী বিষয়া। বিষয়া দুজনক জেৰা কৰাৰ উদ্দেশ্যে মাতি আনি কালি নিশা চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে। বিগত ৮ বছৰৰ আগতে সংঘটিত যোগদলৰ একেটা পৰিয়ালৰ ৫ জন লোকৰ হত্যাকাণ্ডৰ তদন্ত স্থবিৰ হৈ আছিল কিন্তু হঠাৎ কালি নিশা বিষয়া দুজনৰ গ্ৰেপ্তাৰে আন এক ৰহস্যৰ মোৰ লৈছে। দুয়োজন বিষয়াকে প্ৰমাণ নস্থ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।  তাৎপৰ্যপূৰ্ণ কথা যে তদন্তকালীন অৱস্থাত তৰুন গগৈ নেতৃত্বাধীন চৰকাৰৰ এজন মন্ত্ৰীও এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ উঠিছিল। উল্লেখ্য, এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগ উঠা দুজন ব্যক্তি ইতিমধ্যে ৰহস্যজনক ভাবে মৃত্যুক আকোৱালি লৈছে। এতিয়া এই দুজন আৰক্ষী বিষয়াৰ গ্ৰেপ্তাৰে হত্যাকাণ্ডৰ তদন্ত সঠিক দিশে গতি কৰিব বুলি অনুমান কৰিব পাৰি।