লংকাত দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লোৱা অৱস্থাত আটক কৰে টাউন মণ্ডলক

প্ৰতিনিধিত্বমূলক ছবি

যি সময়ত ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে সেই সময়তে আজি (শনিবাৰ) লংকাত এজন চৰকাৰী বিষয়াক উৎকোচ লোৱা অৱস্থাত আটক কৰাৰ ঘটনা পোহৰলৈ আহিছে।

প্ৰাপ্ত তথ্য মতে শনিবাৰে বিয়লি লংকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এজন টাউন মণ্ডলক দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই উৎকোচ লৈ থকা অৱস্থাতে হাতে-লোটে ধৰা পেলই আটক কৰিবলৈ সক্ষম হয়। আটকাধীন টাউন মণ্ডলজন সমীৰ চন্দ্ৰ দাস বুলি জানিব পৰা গৈছে।

আটকাধীন টাইন মণ্ডলজনে গোবিন্দ মজুমদাৰ নামৰ এজন ব্যক্তিৰ পৰা ভূমি সংক্ৰান্তীয় কামৰ বাবে ১২০০০ টকাৰ উৎকোচ বিচাৰিছিল।

অৱশেষত মাটিৰ গৰাকী গোবিন্দ মজুমদাৰে উপায়ান্তৰ হৈ দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে।

ফলত দুৰ্নীতি নিবাৰক শাখাৰ নিৰ্দেশ মৰ্মেই আজি গোবিন্দ মজুমদাৰে টাউন মণ্ডলজনক ৬৫০০ টকা আদায় কৰে। তেনে সময়তে পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ ৬ জনীয়া দলটোৱে টাউন মণ্ডল সমীৰ চন্দ্ৰ দাসক আটক কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে বৰ্তমান দুৰ্নীতি নিবাৰক শাখাৰ সদস্যই টাউন মণ্ডলজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।