লছ এঞ্জেলছত ‘শৈশৱতে ধেমালিতে’ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰকে ধৰি তিনিটা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ

শৈশৱতে ধেমালিতে

লছ এঞ্জেলছত অনুষ্ঠিত তৃতীয় লাভ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চলচ্চিত্ৰ ‘শৈশৱতে ধেমালিতে’ই (ৰেইনব’ ফিল্ডছ) শ্ৰেষ্ঠ চলচ্চিত্ৰকে ধৰি তিনিটা  বঁটা লাভ কৰে। শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটাৰ উপৰি ছবিখনে লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ সংগীতৰ বঁটা। শনিবাৰে এই বঁটাসমূহ প্ৰদান কৰা হয়।

চলচ্চিত্ৰখনৰ অভিনেত্ৰী দীপান্বিতা শৰ্মাই শ্ৰেষ্ঠ অভিনেত্ৰী আৰু সংগীত প্ৰদান কৰা অনুৰাগ শইকীয়াই শ্ৰেষ্ঠ সংগীতৰ বঁটা লাভ কৰে। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৩৬খন দেশৰ ১৫০খনৰো অধিক চলচ্চিত্ৰই অংশগ্ৰহণ কৰিছিল।

হিংসাজৰ্জৰ সময়ত ডাঙৰ-দীঘল হোৱা আৰু চৌদিশে নৃশংসতা প্ৰত্যক্ষ কৰা অসমৰ শিশুসকলৰ পৰিস্থিতিৰ চিত্ৰণেৰে এটা স্পৰ্শকাতৰ বিষয় পৰিচালক বিদ্যুৎ কটকীয়ে এই ‘শৈশৱতে ধেমালিতে’ ছবিখনত দাঙি ধৰিছে।

ইয়াৰ আগেয়ে আমেৰিকাত ‘শৈশৱতে ধেমালিতে’ ছবিখনৰ বাণিজ্যিক মুক্তি দিয়া হয়। আমেৰিকাত মুক্তি পোৱা এইখনেই প্ৰথম অসমীয়া চলচ্চিত্ৰ হিচাপে বিবেচিত হৈছে।কেলিফৰ্নিয়াৰ ‘চিনে গ্ৰেণ্ড চিনেমা ফ্ৰিমণ্ট’ত চলচ্চিত্ৰখনৰ চাৰিটা প্ৰদৰ্শনী হৈ যায়।

আনহাতে, বঁটা গ্ৰহণ কৰি পৰিচালক কটকীয়ে কয়, ‘শৈশৱতে ধেমালিতে’ নিৰ্মাণ কৰোঁতে আমি সদায় ভাবিছিলোঁ যে আমি অসমীয়া ভাষাত এখন বিশ্বমানৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিছোঁ। আমাৰ বিশ্বাস পুনৰ নিশ্চিত কৰাৰ বাবে লাভ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱক ধন্যবাদ।‘

শ্ৰেষ্ঠ সংগীতৰ বঁটা লাভ কৰা অনুৰাগ শইকীয়াই কয়, ‘এনেকুৱা এটা বঁটা লাভ কৰি মই অতি আনন্দিত। জুৰীৰ সদস্যসকল, পৰিচালক বিদ্যুৎ কটকী, ছাউণ্ড ডিজাইনাৰ অমৃত প্ৰীতম দত্ত, ফিল্ম মিক্সিং ইঞ্জিনিয়াৰ দেৱজিৎ চাংমাই, মিউজিক মিক্সিং ইঞ্জিনিয়াৰ ভাস্কৰ শৰ্মা আৰু  ‘শৈশৱতে ধেমালিতে’ৰ প্ৰতিজন সদস্যকে মই ধন্যবাদ জনাইছোঁ।‘

ইপিনে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰা দীপান্বিতা শৰ্মাই কয়, ‘মোৰ নিজা ভাষাৰ চলচ্চিত্ৰ এখনৰ বাবে শ্ৰেষ্ঠ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিনেত্ৰীৰ প্ৰথমটো বঁটা লাভ কৰাত অতি আনন্দিত হৈছো।‘

অসমৰ বাস্তৱ ঘটনাৱলীৰ আধাৰত নিৰ্মাণ কৰা ছবিখনত ভিক্টৰ বেনাৰ্জী, নকুল বৈদ, নাভেদ আছলাম, নিপন গোস্বামী, নিকুমণি বৰুৱাকে ধৰি কেবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।