NORTHEAST NOW (Assamese)

লফিকুল হত্যাৰ তদন্তৰ উদ্দেশ্যে কোকৰাঝাৰত চি বি আইৰ দল

January 12, 2018 8:41 pm · ৰিনয় বসুমতাৰী
Updated: January 12, 2018 8:57 pm
যিখন দোকানৰ সন্মুখত লফিকুলক হত্যা কৰা হৈছিল, সেইখন দোকান পৰিদৰ্শন চি বি আইৰ দলৰ।

ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা তথা ৰাজনৈতিক মহলত বিশেষ গুৰুত্ব লাভ কৰা এ বি এমছুৰ নেতা লফিকুল আহমেদৰ হত্যাৰ তদন্ত কৰিবলৈ আজি কলকাতাৰ পৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চি বি আই)ৰ এটা দল কোকৰাঝাৰত উপস্থিত হয়হি। ছজনীয়া এই দলটো বিশেষ অপৰাধ শাখাৰ এজন আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা বুলি সূত্ৰটোৱে জনাইছে।

দলটোৱে প্ৰথমে লফিকুল আহমেদক গুলীয়াই হত্যা কৰা ঠাই পৰিদৰ্শন কৰে। তেওঁলোকে তিতাগুৰিত থকা টাইলছ দোকানখনলৈ যায়।

উল্লেখযোগ্য যে এইখন দোকানৰ সন্মুখতে লফিকুলে দোকানখনৰ পৰা কিবা ক্ৰয় কৰিবলৈ আহোতে অজ্ঞাত আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল।

তাৰ পৰা তেওঁলোকে চালাকাটি এন টি পি চি ষ্টেইট বেংকলৈ যায় আৰু

পিছত কোকৰাঝাৰ আৱৰ্ত ভৱনলৈ ঘূৰি যায়। দলটো ৰাতিটো কোকৰাঝাৰ আৱৰ্ত ভৱনতে থকাৰ কথা। আজিৰ তদন্ত সন্দৰ্ভত সাংবাদিকৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে চি বি আই দলটো।

উল্লেখযোগ্য যে লফিকুল আহমেদৰ হত্যাৰ পিছতে এই হত্যাকাণ্ড ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত বুলি অভিযোগ কৰি বিভিন্ন দল-সংগঠনে ইয়াৰ চিবিআইৰ তদন্ত দাবী কৰিছিল। অসম চৰকাৰেও চিবিআইৰ তদন্ত কৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল।

আনহাতে লফিকুলৰ ভায়েকে সাংবাদিকৰ আগত মন্তব্য কৰে যে তেওঁলোকে সোনকালেই ন্যায় বিচাৰে। চি বি আইৰ ওপৰত তেওঁলোকৰ আস্থাও প্ৰকাশ কৰে তেওঁ।

Related News