ৰেইলৱেই অধিগ্ৰহণ কৰা মাটিৰ বৰ্ধিত ক্ষতিপূৰণ দাবী ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰামৰ : ৰেইল অৱৰোধৰ ভাবুকি

HAFLONG-meeting-570x320

লামডিং-শিলচৰ ব্ৰডগজ ৰেইলপথ নিৰ্মাণৰ সময়ত ৰে’লই বিভাগে অধিগ্রহণ কৰা মাটিৰ বৰ্ধিত ক্ষতিপূৰণ বিচাৰি হাফলঙৰ ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰামে ৰেইল বিভাগক হেঁচা দিয়াৰ লগতে অন্যথা ১ মাৰ্চৰ পৰা পাৰ্বত্য জিলাখনত অনিৰ্দিষ্ট কালৰ কাৰণে ৰেইল অৱৰোধ গঢ়ি তোলা হ’ব বুলি ভাবুকি দিছে।

উল্লেখযোগ্য যে লামডিং-শিলচৰ ব্ৰডগজ ৰেইলপথ নিৰ্মাণৰ সময়ত পাৰ্বত্য জিলাখনৰ সাধাৰণ গাঁৱলীয়া ৰাইজৰ খেতিৰ মাটি যোৱাৰ লগতে আৱাসিক এলেকাৰো ক্ষতি হৈছিল। ইয়াৰ বাবে ৰেইলৰ ফালৰ পৰা ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ হিচাপে ১,৭৮,৩৭,৪১৭ টকা মোকলাই দিয়া হয়।

কিন্তু এতিয়া ৰাইজৰ হৈ ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰামে লেণ্ড ডেভেলপমেণ্টৰ কাৰণে নতুনকৈ ক্ষতিপূৰণৰ দাবী কৰিছে, যাৰ পৰিমাণ ৪.৫৮ কোটি টকা।

এই ধনৰাশি ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে মোকোলাই দিয়াৰ বাবে দাবী তুলি ফ’ৰামে ৰে’ল কৰ্তৃপক্ষক হেঁচা প্ৰয়োগ কৰি আহিছিল। এই দাবীৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে ডিমা হাচাও জিলা উপায়ুক্তই আহ্বান জনোৱা বৈঠকত ৰেইলৰ মহা প্ৰবন্ধকৰ  লগতে মাণ্ডলিক ৰেলৱেই প্ৰবন্ধক (ডি আৰ এম) উপস্থিত থকাৰ কথা আছিল।

কিন্তু কিবা অজুহাতত তেওঁলোক উপস্থিত নথকা কাৰণে ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰামৰ কৰ্মকৰ্তাসকলে বৈঠকস্থলীৰ পৰা ৱাক আউট কৰি জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত ৰে’লৱেই কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্ল’গান দিয়ে।

ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰামৰ সদস্য সকলে বৈঠকস্থলী ত্যাগ কৰাৰ লগতে ফ’ৰামৰ নেতা ডেভিদ কেইভমে কয় যে ৰেইল কৰ্তৃপক্ষই পাহাৰীয়া ৰাইজক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। কেইভমে ৰেইল কৰ্তৃপক্ষক সকীয়াই দি কয় যে ১ মাৰ্চৰ পৰা পাৰ্বত্য জিলাখনত অনিৰ্দিষ্ট কালৰ কাৰণে ৰেইল অৱৰোধ কৰা হ’ব।

ইপিনে ৰে’ল বিষয়া পি কে দাসে কয় যে ক্ষতিপূৰণৰ বিষয়টো ৰে’লৰ নিৰ্মাণ বিভাগৰ এক্তিয়াৰত পৰে। তথাপি মাণ্ডলিক ৰেইলৱে প্ৰবন্ধকগৰাকীৰ নিৰ্দেশত তেওঁ  বৈঠকত উপস্থিত হয় বুলি জানিবলৈ দিয়ে। অৱশ্যে জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকাই কয় ইয়াৰ আগতে ৰেইল কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰা হৈছিল।