লালকিল্লাৰ দৰে ১৫ আগষ্টত তলাতল ঘৰতো পতাকা উত্তোলন কৰক চৰকাৰে, দাবী পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ

ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা ১৫ আগষ্টত দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰাৰ দৰে অসমৰ ঐতিহাসিক তলাতল ঘৰৰ প্ৰাঙ্গণতো পতাকা উত্তোলন কৰাৰ ব্যৱস্থা কৰিবৰ বাবে দাবী উত্থাপন কৰিছে পূৰ্বাঞ্চল তাই সাহিত্য সভাই।

’১৫ আগষ্টত ৰাষ্ট্ৰভিত্তিত দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰাৰ দৰে অসমৰ ঐতিহাসিক তলাতল ঘৰৰ প্ৰাঙ্গণত ৰাজ্যিক ভিত্তিত পতাকা উত্তোলন কৰাৰ ব্যৱস্থা কৰিব লাগে,‘ আজি ৫ জুলাইত এক সংবাদমেলত দাবী তাই সাহিত্য সভাৰ।

লালকিল্লাৰ দৰে তলাতল ঘৰো এক ঐতিহাসিক ক্ষেত্ৰ, গতিকে চৰকাৰে এই ঐতিহাসিক ক্ষেত্ৰত পতাকা উত্তোলন কৰিব লাগে বুলি সংগঠনটোৱে দাবী জনাইছে।

এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদ মেলত সভাৰ উপ-সভাপতি অতুল ফুকনে কয় ‘ইংৰাজে আহোম ৰাজ্য দখল কৰাৰ ইতিহাসক স্বীকাৰ কৰি সেই সময়ৰ অসমৰ সাৰ্বভৌম নেতৃত্বক সন্মান জনোৱাৰ উদ্দেশ্যে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে।‘

উল্লেখ্য যে পূৰ্বাঞ্চল তাই আহোম সহিত্য সভাই উক্ত সংবাদমেলতে চৰকাৰৰ প্ৰতি অন্য বহুকেইটা দাবী উত্থাপন কৰে।

উক্ত সংবাদমেলতে উপ-সভাপতি ফুকনে অসম চৰকাৰে বুৰঞ্জী আৰু পুৰাতত্ব বিভাগটো ৰাজ্যিক সংগ্ৰহালয়লৈ আনিব বিচৰা কথাটোৰ বিৰোধিতা কৰাৰ লগতে তেওঁ কয় ‘ত্ৰয়োদশ শতিকাৰ দ্বিতীয় দশকৰ শেষৰভাগলৈকে অসমৰ মেটমৰা বুৰঞ্জীৰ সমল, ৰাজকীয় নথি-পত্ৰ, তামৰ ফলি, মুদ্ৰা ইত্যাদি এই বিভাগত সংৰক্ষিত হৈ আছে। ড০ সুৰ্য্য কুমাৰ ভূঞাৰ পৰশত জাতিস্কাৰ হৈ থকা বিভাগটো চৰকাৰী আমোলা-বিষয়াৰ তত্বাবধানলৈ নিয়াতকৈ এজন বিদ্বান লোকক সঞ্চালকৰূপে নিয়োগ কৰি বিভাগটো পুনৰজীৱিত কৰিব লাগে।‘

আনহাতে, ব্ৰহ্মপুত্ৰৰ ওপৰত ডিব্ৰুগড় আৰু ধেমাজী-চিলাপথাৰ সংযোগী নিৰ্মীয়মান বগীবিল দলংৰ নাম ‘চাওলুঙ চুকাফা সেঁতু’ নামাকৰণ কৰিবৰ বাবেও উক্ত সংবাদ মেলৰ জৰিয়তে অতুল ফুকনে চৰকাৰক অনুৰোধ জনায়।

তদুপৰি ‘ভাৰত চৰকাৰৰ পুৰাতত্ব বিভাগে ‘চৰাইদেউ’ক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিব লাগে বুলি UNESCO লৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল’ এইবুলি মন্তৱ্য কৰি তেওঁ লগতে কয় ‘অসম চৰকাৰৰ এই ক্ষেত্ৰত কৰণীয় বহুখিনি আছিল যদিও চৰকাৰে কোনো ধৰণৰ উদ্যোগ হাতত নল’লে।‘

সেয়েহে তেওঁ উক্ত সংবাদমেলৰ জৰিয়তে এই সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে চৰকাৰক আহ্বান জনায়।

আনহাতে, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ নামত এটা প্ৰতিমূৰ্তি তথা উদ্যান স্থাপন নকৰাতো দূৰ্ভাগ্যৰ বিষয় বুলি সদৰী কৰি তেওঁ কয় ‘সমসাময়িক আৰু সম-পৰ্য্যায়ৰ সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ বহুতো প্ৰতিমূৰ্তি, উদ্যান ৰাজ্য চৰকাৰে স্থাপন কৰিছে। সেয়েহে সেই প্ৰতিমূৰ্তিখিনিৰ ঠিক লগতে পদ্মনাথ গোহাঞি বৰুৱাৰ একোটিকৈ প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে।‘

ইয়াৰোপৰি উক্ত সংবাদ মেলত উপস্থিত থকা সভাৰ সাধাৰণ সম্পাদক পুষ্পধৰ শইকীয়াই নাগৰিকত্ব সংশোধনী আইনখনৰ সন্দৰ্ভত উদ্ভৱ হোৱা সমস্যাটোৰ ক্ষেত্ৰত খিলঞ্জীয়া লোকৰ কোনোধৰণৰ অনিষ্ট নোলোৱাকৈ সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়।

তেওঁ লগতে কয় ‘প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰয়াত হিতেশ্ব শইকীয়াৰ কাৰ্য্যকালত তাই ভাষাৰ শিক্ষণৰ বাবে ২০০ টা শিক্ষকৰ পদ সৃষ্টি কৰিছিল যদিও আৰু উজনি অসমত ১৯৯৪ চনত উজনি অসমৰ ২০০ খন বিদ্যালয়ত প্ৰতিবছৰে ১০০ গৰাকীকৈ শিক্ষকৰ পদ সৃষ্টি কৰি মকৰলৰ ব্যৱস্তা কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও আজি পৰ্য্যন্ত নতুন নিযুক্তি দিয়া নহ’ল।‘

সেয়েহে উক্ত সংবাদমেলৰ জৰিয়তে তেওঁ ‘২০০ গৰাকী তাই ভাষাৰ শিক্ষকক নতুনকৈ মকৰল দি জনগোষ্ঠীটোৰ ভাষা শিক্ষাৰ দিশত আগবঢ়াই নিবৰ বাবে চৰকাৰৰ শিক্ষা বিভাগক আহ্বান জনায়।