NORTHEAST NOW (Assamese)

লিডুত সেনাৰ অভিযান, মাৰণাস্ত্ৰসহ এন এছ চি এন (আৰ)ৰ কেডাৰ আটক

January 21, 2019 5:37 pm · মানস প্ৰতিম গগৈ
Updated: January 21, 2019 7:19 pm
ফটো : নৰ্থ-ইষ্ট নাও

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডুত নগা উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই আজি এজন এন এছ চি এন (আৰ)ৰ দুৰ্ধৰ্ষ কেডাৰক আটক কৰিবলৈ সক্ষম হয়।

ভাৰতীয় সেনাৰ ৩ নং গাৰুৱাল ৰাইফলছৰ এটা অভিযানকাৰী দলে লিডুৰ টিৰাপ অঞ্চলত অভিযান চলাই কলিয়ৰীৰ পৰা উগ্ৰপন্থী সদস্য জনক আটক কৰে। ধৃত কেডাৰজনৰ নাম ছিংমাই হাচেং বুলি জানিব পৰা গৈছে।

ইফালে সেনাৰ দলটোৱে আটকাধীন সদস্যজনৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল, এটা মেগজিন আৰু তিনি ৰাউণ্ড সক্ৰিয় গুলী উদ্ধাৰ কৰে। ইয়াৰ পাছতে সেনাই কেডাৰ জনক লিডু আৰক্ষীক চমজাই দিয়ে।

বৰ্তমান লিডু আৰক্ষীয়ে কেডাৰ জনক সোধা পোচা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

Related News