মেঘালয়ৰ প্ৰায় ৪০গৰাকী বিধায়কে নতুন দিল্লীত এটা অৰিয়েণ্টেশ্যন প্ৰগ্ৰামত অংশগ্ৰহণ কৰাৰ বাবে বাহৰ পাতি আছে। আজি ১ আগষ্টৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসুচীটো আগষ্টৰ ৩ তাৰিখলৈ চলিব।
দশম মেঘালয় বিধানসভাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱা সদস্যসকলৰ বাবে লোকসভাত অনুষ্ঠিত হোৱা কাৰ্যসূচীটো সংসদীয় অধ্যয়ন আৰু প্ৰশিক্ষণ ব্যুৰ’ই (Bureau of Parliamentary Studies and Training) আয়োজন কৰিছে।
মেঘালয় বিধানসভাৰ অধ্যক্ষ ড০ ডংকুপাৰ ৰয়ৰ নেতৃত্বত ৰাজ্যখনৰ বিধানসভাৰ কেইগৰাকীমান প্ৰবীণ সদস্যৰ সৈতে বিধায়কসকলে সংসদ বৱনত অনুষ্ঠিত এই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিছিল।
এই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰা কেইগৰাকীমান নৱ নিৰ্বাচিত বিধায়কৰ মাজত প্ৰথমবাৰৰ বাবে মন্ত্ৰীত্ব লাভ কৰা হেমলেটছন ডহলিং আৰু ছামলিন মালঙিয়াং আদি কেইগৰাকীমান মন্ত্ৰীও আছে।
সূত্ৰই জনোৱা মতে পূৰ্বৰ মুখ্য মন্ত্ৰী তথা দশম মেঘালয় বিধানসভাৰ বৰ্তমানৰ বিৰোধী দলৰ নেতা ড০ মুকুল ছাংমাও নতুন দিল্লীত বাহৰ পাতি আছে।