লোক শিল্পী কমলা গগৈক বকুল বন বঁটা প্রদান

folk Artist kamala gogoi

যোৰহাটত শনিবাৰে লোক শিল্পী কমলা গগৈক বঁটা প্ৰদান কৰা দেখা গৈছে

লোক শিল্পী কমলা (জয়ন্ত) গগৈক শনিবাৰে যোৰহাটৰ অসম সাহিত্য সভাৰ কাৰ্যালয়ত বকুল বন বঁটা প্ৰদান কৰা হয়।

দিহানাম আৰু টোকাৰী গীতৰ শিল্পী গগৈৰ ঘৰ যোৰহাট জিলাৰ টীয়কৰ ওচৰৰ মৰিজাঁজীত।

লোক কলা, সংগীত আৰু সাহিত্য ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বকুল বন ন্যাস, অসম আৰু অসম বকুল বন সমাজে বছৰি প্ৰদান কৰা এই বঁটাত আছে নগদ ২০,০০০ টকা, এখন প্ৰশংসা পত্ৰ, এখন চেলেং চাদৰ আৰু এটি গ্ৰন্থৰ টোপোলা।

ন্যাসৰ সভাপতি তথা অসম সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সহকাৰী সাধাৰণ সম্পাদক সমীৰণ বৰদলৈয়ে বঁটাটো প্ৰদান কৰি কয় যে কমলা গগৈয়ে হেৰাই যাৱ ধৰা টোকাৰী গীতসমূহ সন্নিৱিষ্ট কৰি ৩০০ পৃষ্ঠাজোৰা এখন গ্ৰন্থ সংকলন প্ৰণয়ন কৰিছে।

গ্ৰন্থখনত গীতসমূহ মৌলিক ৰূপত সন্নিৱিষ্ট কৰাৰ উপৰি গানসমূহৰ ব্যাখ্যাও কৰা হৈছে।

‘’কমলা গগৈক ৪০ বছৰ বয়সত এই বঁটাৰ বাবে বিবেচনা কৰা কৰা হৈছে যদিও  লোক গীতৰ ক্ষেত্ৰত তেওঁৰ অৱদান ইমান অনবদ্য যে এগৰাকী  ৮০ বছৰ বয়সীয়া লোকৰ ক্ষেত্ৰতহে যেন ই প্ৰযোজ্য হয়,’’-বৰদলৈয়ে কয়।

বৰদলৈয়ে কয় যে এগৰাকী লোকৰ পৰিচয় তেওঁৰ লোক সংস্কৃতিৰ ওপৰত নিৰ্ভৰ কৰে।

টীয়কৰ উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তই জয়ন্ত হিচাপে জনপ্ৰিয় গগৈক দিহানামৰ পৱিত্ৰতা ৰক্ষা কৰাৰ বাবে প্ৰশংসা কৰে।

‘’ দিহানামৰ এক ধৰ্মীয় ভিত্তি আছে কিন্তু এতিয়া ই বিকৃত হৈছে আৰু ভক্তিহীন ভাৱে য’তে ত’তে পৰিৱেশন কৰা হয় যিটো কৰা উচিত নহয়,’’-তেওঁ কয়।

গগৈয়ে তেওঁৰ দলৰ সৈতে দিহানাম পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে আৰু লগতে দিহানাম পৰিৱেশনত কেনেকৈ খোল আৰু নাগাৰা অন্তৰ্ভুক্ত হ’ল তাৰ ব্যাখ্যা আগবঢ়ায়।

তেওঁ লগতে প্ৰকাশ কৰে যে ভূপেন হাজৰিকাইয়ো দিহানাম গাইছিল আৰু কৈছিল যে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰয়ানৰ পিছত ৰাজ্যখনৰ লোক সংস্কৃতিৰ বাবে এটা বিৰাট ব্যৱধান সৃষ্টি হৈছিল, যিটো সত্য আছিল।

গগৈয়ে লগতে কয় যে তেওঁ আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীৰ প্ৰতি কৃতজ্ঞ যিগৰাকীয়ে প্ৰথম তেওঁৰ প্ৰতিভাক স্বীকৃতি দিছিল আৰু এক বিশাল সমাৱেশত প্ৰদৰ্শনৰ বাবে মঞ্চৰ সুবিধা  আগবঢ়াইছিল।

ন্যাসৰ সম্পাদক সৌমিত্ৰ পূজাৰীয়ে শদিয়াৰ পৰা ধুবুৰীলৈ পৰিচিত কমলা গগৈৰ কৰ্মৰাজিৰ বৰঙণিৰ বিৱৰণ দাঙি ধৰা প্ৰশংসা পত্ৰখন পাঠ কৰে।