NORTHEAST NOW (Assamese)

শান্তি আলোচনাক আগুৱাই নিয়াৰ বাবে অধিক অনুকূল পৰিৱেশ গঢ়াৰ পক্ষপাতী এন এছ চি এন (আই এম)

June 8, 2018 10:14 pm · ভদ্ৰ গগৈ

ভাৰত চৰকাৰ আৰু নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)-এ আজি চুমুকেডিমাৰ আৰক্ষী নিৱেশত অনুষ্ঠিত যুদ্ধ বিৰতিৰ নীতি-নিয়ম পৰ্য্যালোচনা কমিটীৰ এখন পৰ্য্যালোচনা বৈঠকত এই কথাত জোৰ দিয়া হয় যে ২০১৫ চনৰ ৩ আগষ্টত কৰা গুৰুত্বপূৰ্ণ চুক্তিখনক ভিত্তি কৰি আলোচনা আগ বঢ়াই নিয়াৰ বাবে অধিক অনুকূল পৰিৱেশ গঢ়া হ’ব।

বৈঠকৰ পিছত এন এছ চি এন (আই এম)ৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে দিয়া এটা যুটীয়া প্ৰেছ বিবৃতিত এই কথা জনোৱা হয়। বিবৃতিটোত দুয়োটা পক্ষই বৈঠকখন সৌহাৰ্দ্যপূৰ্ণ আৰু পাৰস্পৰিক আন্তৰিকতাপূৰ্ণ আছিল বুলি কয়।

গৃহ মন্ত্ৰ্যালয়ৰ বিশেষ সচিব (অভ্যন্তৰীণ নিৰাপত্তা) ৰীণা মিত্ৰৰ নেতৃত্বত ভাৰত চৰকাৰৰ ১১জনীয়া প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছিল। আনহাতে জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভি এছ আটেমৰ নেতৃত্বত এন এছ চি এন (আই এম)ৰ ১৩জন প্ৰতিনিধি উপস্থিত আছিল বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

 

Related News