শিক্ষানুষ্ঠানক দিব লগীয়া মাচুলৰ ঠাইত পিষ্টল দেখুৱাই ভাবুকি দিয়া কংগ্ৰেছৰ নেতাক দলৰ পৰা নিলম্বন
আজাৰাস্থিত মাইলছ ব্ৰনছন নামৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানক নিজৰ ছোৱালীক পঢ়ুৱাৰ বাবত দিবলৈ থকা প্ৰায় আঢ়ৈ লাখ টকা খোজা বাবেই তৰ্কাতৰ্কিত লিপ্ত হৈ পিছত পিষ্টল দেখুৱাই ভাবুকি দিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অৰুণ তিৱাৰীক দলৰ পৰা নিলম্বন কৰা হৈছে। এই কথা জনাইছে প্ৰদেশ কংগ্ৰেছৰ এটা সূত্ৰই।
উল্লেখযোগ্য যে যোৱা ২৮ মাৰ্চত বিদ্যালয়খনত অনাদায় মাচুল সম্পৰ্কীয় কথাত যুক্তিতৰ্ক কৰাৰ পিছতে নেতাজনে বিদ্যালয়খনৰ গাণনিকক পিষ্টল দেখুৱাই ভাবুকি দিছিল। ইয়াৰ পিছতে বিদ্যালয়খনৰ কৰ্তৃপক্ষই থানাত এটা গোচৰ দিয়ে। শিক্ষানুষ্ঠানখনৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ইতিপূৰ্বে কংগ্ৰেছ নেতাজনক গ্ৰেপ্তাৰ কৰিছিল।
শিক্ষানুষ্ঠানখনৰ সূত্ৰই জনোৱা মতে তিৱাৰীয়ে তেওঁৰ দশম শ্ৰেণীত পঢ়া ছোৱালীজনীৰ মাচুলৰ বাবত ২,৩০,৭৫৪ টকা দিবলৈ বাকী আছে।
আনহাতে প্ৰদেশ কংগ্ৰেছৰ সূত্ৰটোৱে জনোৱা মতে, প্ৰদেশ কংগ্ৰছৰ সভাপতি ৰিপুণ বৰাৰ নিৰ্দেশত নেতাজনক দলৰ পৰা নিলম্বন কৰা হৈছে। তেওঁ সম্পাদক পদৰ পৰাই নহয়, প্ৰাথমিক সদস্য পদৰ পৰাও তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে বুলি সাংগঠনিক সাধাৰণ সম্পাদক ৰঞ্জন বৰাই জানিবলৈ দিয়ে।