শিক্ষাৰ অধিকাৰ আইন সত্ত্বেও শিশুৱে আধাতে বিদ্যালয় এৰা অব্যাহত আছে মেঘালয়ত

RTE_Act_150716f

মেঘালয়ৰ ৬ বছৰৰ পৰা ১৪ বছৰ বয়স সীমাৰ শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ ক্ষেত্ৰত শিক্ষাৰ অধিকাৰ আইন খনৰ কাৰ্য্যকাৰিতাৰ প্ৰসংগত প্ৰশ্নবোধক চিন আহি পৰিছে। ইয়াৰ কাৰণ হ’ল ৰাজ্যখনত এতিয়াও বিদ্যালয় এৰা শিশুৰ সংখ্যা অতি বেছি হৈ থকাই দেখা গৈছে।

আজি বিধানসভাৰ মজিয়াত এই প্ৰসংগটো উত্থাপন কৰে মৌফলাং সমষ্টিৰ নিৰ্দলীয় বিধায়ক ছিনটাৰ ক্লজ চুনে। তেওঁ প্ৰশ্ন কৰে যে বিগত ২০১১ চনৰ ১ আগষ্টৰ পৰাই এই আইনখন বলৱৎ হৈ থকা সত্ত্বেও কিয় ৰাজ্যখনত বিদ্যালয় আধাতে এৰা শিশুৰ সংখ্যা ইমান বেছি হৈছে।

চুনে এই প্ৰসংগত প্ৰাক্তন শিক্ষা মন্ত্ৰী দেবৰো চি মাৰাকে ২০১৭ চনত বিগত বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত দিয়া উত্তৰ টানি আনে।

উল্লেখযোগ্য যে সেই সময়ত প্ৰাক্তন শিক্ষা মন্ত্ৰীজনে সদনত তথ্য দিছিল যে ৰাজ্যখনৰ ১১খন জিলাৰ প্ৰায় ১ লাখ শিশুৱে বিদ্যালয় ত্যাগ কৰিছে বা তেওঁলোকৰ বহুতেই বিদ্যালয়লৈ যোৱাই নাই।

চুনৰ প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্ৰী লাখমেন ৰিমবুয়ে যোৱা কিছু বছৰ ধৰি বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰা কথাটো স্বীকাৰ কৰে। ৰিমবুয়ে কয় যে ২০১৩ চনত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৩৩,৫৫৭ গৰাকী। ২০১৪ চনত আছিল ৩১,২৭৬ গৰাকী, ২০১৫ চনত ১৪,৯৫৭ গৰাকী, ২০১৬৭ চনত ১৭,২৯৯ গৰাকী আৰু ২০১৭ চনত ১২,৪০৬গৰাকী।

মন্ত্ৰীজনে কয় যে ২০১৮ কিমান ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰিছে সেয়া তেওঁ অৱগতিৰ ভিতৰত নাই।

চুনে কয় যে শিক্ষাৰ অধিকাৰ আইনখন কাৰ্য্যকৰী কৰাৰ ফলত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমিব লাগে। লগতে তেওঁ এই আইনখন বলৱৎ কৰাৰ পিছৰ আৰু আগৰ ৰাজ্যখনৰ সাক্ষৰতাৰ হাৰ জানিব বিচাৰে।

চুনে চৰকাৰক সা-সুবিধাৰ পৰা বঞ্চিত শিশুসকলক সামৰি লোৱাৰ প্ৰয়াস কৰিবলৈ আহ্বান জনায়, যাতে এইসকলেও শিক্ষা লাভৰ সুযোগ পায়।

ইয়াৰ পূৰ্বে ৰিম্বুয়ে সদনত ব্যক্ত কৰিছিল যে ৰাজ্যখনৰ সকলো স্বীকৃতিপ্ৰাপ্ত শিক্ষাৰ অধিকাৰ আইনখনৰ অধীনত পৰে আৰু ৰাজ্য চৰকাৰে সকলো শিশুকে শিক্ষা দিয়াৰ প্ৰয়াস কৰি যাব।