শিক্ষাৰ মান উন্নত কৰিবলৈ ১৫০ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ত্ৰিপুৰা চৰকাৰৰ বিশেষ পদক্ষেপ

biplab-pic-570x320

ত্ৰিপুৰা চৰকাৰে শৈক্ষিক মান উন্নত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। ৰাজ্যখনৰ ১৫০ গৰাকী জনজাতীয় ছাত্ৰ-ছাত্ৰীক বিএড আৰু ডি এল এড শিক্ষা প্ৰদানৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে।

ৰাজ্যখনত শিক্ষাৰ মান উন্নত কৰাৰ লগতে বিদ্যালয়সমূহত প্ৰশিক্ষিত শিক্ষক নিযুক্তি দিয়াৰ লক্ষ্যৰে শিক্ষাৰ্থীসকলক মুৰ্ছিদাবাদ আৰু বশ্বিৰহাটৰ দুখন মহাবিদ্যালয়লৈ শিক্ষাগ্ৰহণ কৰাৰ বাবে পঠিওৱা হৈছে।

ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগ্ৰহণ কৰিবলৈ যোৱাৰ পূৰ্বে শনিবাৰে ত্ৰিপুৰাৰ প্ৰজ্ঞা ভৱনৰ প্ৰেক্ষাগৃহত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব, শিক্ষা মন্ত্ৰী ৰতন লাল নাথ আৰু জনজাতীয় কল্যাণ মন্ত্ৰী মেৱাৰ কুমাৰ জনতীয়াৰ উপস্থিতিত এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

এই অনুষ্ঠানত মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে আমি সম্পূৰ্ণ মেধাৰ ভিত্তিত বিএড আৰু ডি এল এড শিক্ষাগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক নিৰ্বাচিত কৰিছো।

জনজাতি কল্যাণ বিভাগৰ অধ্যক্ষ হিৰালাল দেববাৰ্মাই জানিবলৈ দি কয় যে নিৰ্বাচিত হোৱা সৰ্বমুঠ ১৫০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৬২ গৰাকী ছাত্ৰী আৰু ৮৮ গৰাকী ছাত্ৰ।

আনহাতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট প্ৰশংসা কৰা পৰিলক্ষিত হয়।

এই প্ৰসংগত এজন শিক্ষাৰ্থীয়ে কয়, ‘মই অতি পিছপৰা ঘৰৰ পৰা আহিছো আৰু মই এই পাঠ্যক্ৰম গ্ৰহণ কৰাৰ বাবে নিৰ্বাচিত হোৱাত যথেষ্ট উৎফুল্লিত হৈছো। আশা কৰো এই পাঠ্যক্ৰমত মই সুখ্যাতিৰে উত্তীৰ্ণ হৈ ভৱিষ্যতে TET পৰীক্ষাৰ জৰিয়তে এজন ভাল শিক্ষক হ’ব পাৰো’।