• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষা মন্ত্ৰীৰ অসহায় স্বীকাৰোক্তি : ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ পিছ পৰি ৰৈছে চৰকাৰী বিদ্যালয়!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 25, 2018 9:49 pm
SiddharthaBhatta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী খণ্ডৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ ফলাফল ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ তুলনাত দিনক দিনে পিছ পৰি অহা যেন অনুভব হৈছে। এই ছবি ফুটি উঠিছে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলতো।

এইবাৰ ঘোষিত ফলাফলত প্ৰথম দহটা স্থান দখল কৰা বিদ্যালয়সমূহৰ ভিতৰত ২৬খন ব্যক্তিগত খণ্ডৰ হোৱাৰ বিপৰীতে মাত্ৰ ৫ খনহে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আছে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ অন্তত আজি জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই কথা আওপকীয়াকৈ হ’লেও স্বীকাৰ কৰিলে বৰ্তমানৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই। মন্ত্ৰীগৰাকীয়ে কয়, “ৰাজ্যৰ ৫খন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নামহে প্ৰথম দহটা স্থানৰ ভিতৰত আছে।”

ব্যক্তিগত খণ্ডৰ সৈতে সমানে ফেৰ মাৰিব পৰাকৈ চৰকাৰী বিদ্যালয়সমূহৰ উন্নতি কৰাৰ পদক্ষেপ লোৱা হৈছে বুলি শিক্ষা মন্ত্ৰীগৰাকীয়ে জানিবলৈ দি কয়, “চৰকাৰী বিদ্যালয়ৰ আন্তঃগাথনি উন্নত কৰা তথা ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে হাইস্কুল পৰ্য্যায়তো গুণোৎসৱ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।”

ইয়াৰোপৰি উচ্চতৰ মাধ্যমিকৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়াকৈ পাঠ্যপুথি প্ৰদান কৰাৰ কথা ঘোষণা কৰি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই লগতে কয় যে ইতিমধ্যে যোৱা বছৰৰ পৰা যিসকল দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী আছে, তেওঁলোকৰ বাবে নামভৰ্তি মাচুল সম্পূৰ্ণ বিনামূলীয়া কৰি দিয়া হৈছে।

এই বছৰত পুৰুষৰ উত্তীৰ্ণৰ হাৰ অন্য কেইবাবছৰৰ তুলনাত বদ্ধি পোৱা বুলি সদৰী কৰি মন্ত্ৰী ভট্টাচাৰ্য্যই কয় যে এইবছৰ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৫৯ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৩.২৩।

“কম্পাৰ্টমেণ্টেলৰ ব্যৱস্থাটো অলপ সৰল কৰা হৈছে। কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে এই বছৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ ব্যৱস্থা কৰা হৈছে। প্ৰ-পত্ৰ পূৰণৰ বাবে যিটো মাচুল ধাৰ্য্য কৰা হৈছে, সেইটো অনলাইনযোগে প্ৰদান কৰিব পাৰে অথবা অসুবিধা হ’লে বেংক চালান যোগেও চালান কাটিব পাৰে। ১ জুনৰ পৰা এই অনলাইন প্ৰ-পত্ৰ পূৰণৰ সুবিধাটো আৰম্ভ হ’ব। অহা ২০ জুলাইত অনুষ্ঠিত হ’ব কম্পাৰ্টমেণ্টেলৰ পৰীক্ষা।” শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়।

আনহাতে, কোনো বিষয়ত অনুত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ ক্ষেত্ৰত গ্ৰেইচ মাৰ্ক দিয়াটো অযুক্তিসংগত বুলি উল্লেখ কৰি মন্ত্ৰী ভট্টাচাৰ্য্যই কয়, “গ্ৰেইচ মাৰ্কৰ পৰিমাণ পূৰ্বতকৈও কমাই অনা হৈছে। মোৰ ব্যক্তিগত অনুভৱ, গ্ৰেইচ মাৰ্ক দিয়া নিয়মটোৱেই উঠাই দিব লাগে। ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাৰ বাবে অধিক সা-সুবিধা দিব পাৰো, তেন্তে অলপ কষ্ট কৰি তেওঁলোকে অধ্যয়ন কৰিব কিয় নোৱাৰিব। এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যদি এবছৰ পঢ়া-শুনা কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ’ব পাৰে, তেনে ক্ষেত্ৰত অন্য এগৰাকীয়ে গ্ৰেইচ মাৰ্ক লৈ উত্তীৰ্ণ হ’ব, সেইটো কেতিয়াও সঠিক নহয়। সেয়েহে আমি লাহে লাহে গ্ৰেইচ মাৰ্ক দিয়াৰ নিয়মটো উঠাই দিম।”

হোজাই বিজেপি কৰ্মীয়ে বুকলেটৰ পৰা ফটো তুলি ৰিজাল্টসমূহ নিৰ্ধাৰিত সময়তকৈ আগত ছ’চিয়েল মেডিয়াত আপল’ড কৰা বুলি অভিযোগ উঠা সন্দৰ্ভত তেওঁ কয়, “মই এই বিষয়ে ভালদৰে অৱগত নহয়, যদি কোনোবাই এনে কাম কৰিছে, তেন্তে মই তেওঁক সুৰক্ষা নিদিওঁ। কোনোবাই যদি এইটো কৰিছে, তেন্তে এনে কৰা অনুচিত অথবা অন্যায় হৈছে।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd