NORTHEAST NOW (Assamese)

শিক্ষা মন্ত্ৰীৰ সৈতে বৈঠক প্ৰাথমিক শিক্ষক সন্মিলনীৰ : সাময়িকভাৱে স্থগিত অসহযোগ কাৰ্যসূচী

June 19, 2018 9:55 pm · অনিৰ্বাণ পাঠক
Updated: June 19, 2018 10:46 pm
শিক্ষা মন্ত্ৰীৰ সৈতে প্ৰাথমিক শিক্ষক সন্মিলনীৰ বৈঠকৰ দৃশ্য।

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত ৰাজ্যজুৰি চলি থকা তলাবন্ধ আৰু অসহযোগ কাৰ্যসূচীৰ মাজতে মঙলবাৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ আমন্ত্ৰণত প্ৰাথমিক শিক্ষক সন্মিলনীৰ এটা প্ৰতিনিধি দলৰ সৈতে শিক্ষা মন্ত্ৰীৰ আজি বৈঠক অনুষ্ঠিত হয়।

আজিৰ প্ৰায় দুঘণ্টাজোৰা এই বৈঠকৰ আলোচনাৰ পিছত প্ৰাথমিক শিক্ষক সন্মিলনীয়ে চলি থকা অসহযোগ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰি প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰা আৰু সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদ আৰু স্নাতক শিক্ষকৰ গ্ৰেইড পে’ সন্দৰ্ভত শিক্ষা মন্ত্ৰীয়ে মুখ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ সৈতে আলোচনা কৰি বিষয়টো নিষ্পত্তি কৰাৰ আশ্বাস দিয়া বুলি জানিবলৈ দিছে।

বৈঠকত ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণ বিষয়টোত খালী পদৰ বিপৰীতে অগ্ৰাধিকাৰ ভিত্তিত নিয়মীয়া কৰাৰ লগতে বাকী থকা বকেয়াৰ ক্ষেত্ৰত পৰ্যালোচনাৰে আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিয়া বুলি বিবৃতিটোত কোৱা হৈছে। লগতে বেতন বঞ্চিত শিক্ষকসকলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আদালতৰ চূড়ান্ত ৰায়ৰ পাছত বিভাগে খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে।

বিদ্যালয়ৰ সময়সূচী পৰিৱৰ্তন আৰু মুখ্য মন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনিৰ সকলো খেলি-মেলি দূৰ কৰি বঞ্চিত ছাত্ৰ-ছাত্ৰীক ন্যায় প্ৰদানৰো আশ্বাস দিয়া বুলি বিবৃতিত প্ৰকাশ কৰে। ইয়াৰ উপৰি আগন্তুক বৰ্ষৰ পৰা অভ্যাসন আৰু মূল্যায়ন বহী বিষয়ভিত্তিক কৰাৰো আশ্বাস প্ৰদান কৰা বুলি প্ৰাথমিক শিক্ষক সন্মিলনীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে শিক্ষা মন্ত্ৰী আৰু প্ৰাথমিক শিক্ষক সন্মিলনীৰ মাজত অনুষ্ঠিত এই বৈঠকত শিক্ষা বিভাগৰ আয়ুক্তকে ধৰি শিক্ষা বিভাগ আৰু অসম সৰ্বশিক্ষা অভিযান মিশ্যনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত আছিল।

Related News