আজি অৰুণাচলৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ড০ মহেশ চায়ে মুখ্য মন্ত্ৰীৰ কৃষি ঋণ যোজনা (Chief Minister’s Krishi Rinn Yozana) বলৱৎ কৰাৰ সন্দৰ্ভত এখন পুণৰীক্ষণ সভা আহ্বান কৰিছে।
এই সভাত বিতং আলোচনা কৰি এই সিদ্ধান্তত উপনীত হোৱা যায় অন্য ৰাজ্যসমূহৰ দ্বাৰা গ্ৰহণ কৰা যে কৃষক আৰু বিশেষকৈ সমাজৰ দৰিদ্ৰতৰ শ্ৰেণীটো উপকৃত হ’ব পৰা এই জনকল্যাণমূলক আঁচনিসমূহ বলৱৎ কৰাত অধিকাংশ বাণিজ্যিক বেংকে গুৰুত্ব প্ৰদান কৰা নাই।
ৰাজ্যখনৰ কৃষি বিভাগৰো দায়িত্বত থকা ড০ চাইয়ে মুখ্য মন্ত্ৰীৰ কৃষি ঋণ যোজনাৰ বিজ্ঞাপন বিভিন্ন মাধ্যমত প্ৰচাৰ কৰি ৰাজ্যখনৰ সকলো কৃষককে এই আঁচনিসমূহৰ বিষয়ে অৱগত কৰাৰ বাবে বেংকসমূহক নিৰ্দেশ দিয়ে।
ৰাজ্য চৰকাৰে যোৱা বছৰৰ মে’ মাহত মুখ্য মন্ত্ৰীৰ কৃষি ঋণ যোজনা প্ৰৱৰ্তন কৰিছিল আৰু এই আঁচনিৰ অধীনত ৩ লাখ টকালৈকে ৪শতাংশ আৰ্থিক সহায়তামূলক সূতৰ হাৰত শস্য ঋণ/কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। চলিত বিত্তীয় বৰ্ষতেই বেংকসমূহে কৃষকলৈ ঋণ অনুমোদন কৰিব লাগিব
নাবাৰ্ড আৰু ৰিজাৰ্ভ বেংকৰ স্বৰ্ত-সাপেক্ষে কিষাণ ক্ৰেডিট কাৰ্ড/শস্য উৎপাদন ঋণ লোৱা কৃষকসকলে বাণিজ্যিক বেংক, অৰুণআচল প্ৰদেশ গ্ৰাম্য বেংক (Arunachal Pradesh Rural Bank), অৰুণাচল প্ৰদেশ ৰাজ্যিক সমবায় এপেক্স বেংকৰ (Arunachal Pradesh State Cooperative Apex Bank) পৰা ঋণ ল’ব পাৰিব।
উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে মুখ্য মন্ত্ৰীৰ কৃষি ঋণ যোজনাৰ অন্তৰ্গত ৭,৫০০ গৰাকী কৃষকক কৃষি ঋণত সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰিছে।