শিলচৰত যুৱতীৰ গলিত মৃতদেহ উদ্ধাৰ : গণধৰ্ষণৰ সন্দেহ

rape at thana by police officer in assam

প্ৰতিনিধিত্বমূলক ছবি

শিলচৰত আজি এগৰাকী যুৱতীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। একাংশ লোকে নিহত যুৱতীগৰাকীক গণধৰ্ষণ কৰি হত্যা কৰা হ’ল বুলি সন্দেহ কৰিছে।

শিলচৰৰ সমীপৰ আৰকাটিপুৰত উদ্ধাৰ হোৱা যুৱতীগৰাকীক আৰকাটিপুৰ চাহ বাগিচাৰ বাসিন্দা ফুলচান্দ ৰিকিয়াসনৰ কন্যা কাজল ৰিকিয়াসন ওৰফে ৰেখা (১৯) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে আজি আৰকাটিপুৰ চাহ বাগিচা আৰক্ষী চকীৰ অন্তৰ্গত ছাপ্পান্নহাল চাহ বাগিচাৰ ৫ নম্বৰ লাইনত কাম কৰিবলৈ অহা শ্ৰমিকে কাজল ৰিকিয়াসনৰ মৃতদেহ মাটিত পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

পিছত উধাৰবন্দ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে, ইয়াৰ পিছতে আৰকাটিপুৰ চাহ বাগিচাৰ পৰিচালকৰ সৈতে উধাৰবন্দ থানাৰ ছেকেণ্ড অফিচাৰ এ নাথ লস্কৰ আৰু অতিৰিক্ত ভাৰপ্ৰাপ্ত বিষয়া গিয়াস উদ্দিন ঘটনাস্থলীলৈ ৰাওনা হৈ মৃতদেহটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

উল্লখযোগ্য যে অৰ্ধ নগ্ন অৱস্থাত উদ্ধাৰ হোৱা কাজলৰ অৰ্ধগলিত মৃতদেহৰ হাতৰ এটা অংশ বনৰীয়া জন্তুয়ে খাই পেলাইছে। স্থানীয় লোকে প্ৰথমে মৃতদেহটোক চিনাক্ত কৰিব পৰা নাছিল যদিও খবৰ পাই ঘটনাস্থলীত উপস্থিত হোৱা কাজলৰ পিতৃ ফুলচান্দ ৰিকিয়াসনে মৃতদেহটো তেওঁৰ কন্যাৰ হয় বুলি চিনাক্ত কৰে।

মৃতদেহটোক প্ৰত্যক্ষ কৰি একাংশই যুৱতীগৰাকীক কোনো দুৰ্বৃত্তই গণধৰ্ষণ কৰি হত্যা কৰিছে বুলি সন্দেহ কৰে।

যোৱা ২ মে’ৰ পৰা সন্ধানহীন হৈ থকা কালজৰ নিখোঁজ সম্পৰ্কে তেওঁৰ পিতৃয়ে ৩ মে’ত উধাৰবন্দ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰিছিল। ইয়াৰ পিছতে আজি যুৱতীগৰাকীৰ অৰ্ধগলিত মৃতদেহ আজি উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।