শিলচৰৰ আৰকাটিপুৰত সংঘটিত ধৰ্ষণকাণ্ডৰ ৩ অভিযুক্তক আটক

শিলচৰৰ আৰকাটিপুৰত সংঘটিত ৰেখা ৰিকিয়াসনৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটণাৰ সৈতে জড়িত ৩জন অভিযুক্তক আজি কাছাৰ আৰক্ষীয়ে আটক কৰে। আটকাধীন অভিযুক্ত কেইগৰাকীক বাচ্চানুনু কৰ্মকাৰ (২৩), ৰাজু চাওঁতাল (২৪) আৰু ছাজন ৰিকিয়াসন বুলি চিনাক্ত কৰা হৈছে।

আটাইকেইজন অভিযুক্তই উক্ত ঘটণা সংঘটিত হোৱা আৰকাটিপুৰ চাহ বাগিচাৰ বাসিন্দা।

 

উল্লেখযোগ্য যে কালি আৰকাটিপুৰ চাহ বাগিচা আৰক্ষী চকীৰ অন্তৰ্গত ছাপ্পান্নহাল চাহ বাগিচাৰ ৫ নম্বৰ লাইনত কাম কৰিবলৈ অহা শ্ৰমিকে ৰেখা ৰিকিয়াসনৰ মৃতদেহ মাটিত পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিছিল।

ইয়াৰ পিছতে আৰকাটিপুৰ চাহ বাগিচাৰ পৰিচালকৰ সৈতে উধাৰবন্দ থানাৰ ছেকেণ্ড অফিচাৰ এ নাথ লস্কৰ আৰু অতিৰিক্ত ভাৰপ্ৰাপ্ত বিষয়া গিয়াস উদ্দিন ঘটনাস্থলীলৈ ৰাওনা হৈ মৃতদেহটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছিল।

বনৰীয়া জন্তুয়ে হাতৰ অংশ এটা খাই পেলোৱা অৰ্ধগলিত মৃতদেহটোক স্থানীয় লোকে প্ৰথমে চিনাক্ত কৰিব পৰা নাছিল যদিও যুৱতীগৰাকীৰ পিতৃ ফুলচান্দ ৰিকিয়াসনে মৃতদেহটো তেওঁৰ কন্যাৰ হয় বুলি চিনাক্ত কৰিছিল।

উধাৰবন্দ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৬৬/৩৭৬/৩০২/৩৪ ধাৰাত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

উক্ত ঘটণাটোত ক্ষুব্ধ হৈ পৰা অঞ্চলটোৰ লোকসকলকে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনায়।