NORTHEAST NOW (Assamese)

শিলচৰৰ কালিবাৰীত দুই ফৈদৰ মাজত সংঘৰ্ষ : ৰাজপথত অটোত অগ্নি সংযোগ

April 10, 2018 11:35 am · এন ই নাও নিউজ
Updated: April 10, 2018 11:38 am

শিলচৰৰ কালিবাৰী চৰত দেওবাৰৰ পৰা দুটা ফৈদৰ মাজত চলি থকা সংঘৰ্ষৰ পৰিণতিৰ ফল স্বৰূপে সোমবাৰে অৰ্থাৎ ৯ এপ্ৰিলৰ নিশা দুৰ্বৃত্তই এখন অটো ৰাজপথতে জ্বলাই দিয়ে। দুটা ফৈদৰ মাজত সৃষ্টি হোৱাৰ এই সংঘাতৰ ফলত দুইটা ফৈদৰে বহু লোক আঘাতপ্ৰাপ্ত হয়।

উল্লেখযোগ্য যে ৯ এপ্ৰিলৰ নিশা একাংশ দুৰ্বৃত্তই শিলচৰৰ কালিবাৰী চৰৰ ৰাজপথতে এখন অটোত অগ্নি সংযোগ কৰাৰ লগতে অটোখনৰ চালক আৰু যাত্ৰীক প্ৰহাৰ কৰে। যাৰ ফলত এই সংঘাতে আৰু ভয়াৱহ ৰূপ ধাৰণ কৰে।

প্ৰাপ্ত তথ্য মতে দুটা দলৰ সংঘৰ্ষই শিলচৰত ইমানেই ভয়াৱহ ৰূপ ধাৰণ কৰে যে দুই দলেই পৰস্পৰে পৰস্পৰক শিলগুটি নিক্ষেপ কৰি আঘাতপ্ৰাপ্ত কৰাৰ লগতে তেওঁলোকৰ বাসগৃহ সমূহতো শিলগুটি নিক্ষেপ কৰে।

আনহাতে দেওবাৰৰ পৰা চলি থকা এই দুই দলৰ সংঘৰ্ষৰ বাবে জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছিল। কিন্তু ১৪৪ ধাৰা জাৰি কৰাৰ পিছতো পৰিস্থিতি শান্ত নহ’ল।

ইতিমধ্যে সংঘৰ্ষত আঘাতপ্ৰাপ্ত সকলক শিলচৰ অসামৰিক হস্পিতালত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। ৯ এপ্ৰিলৰ নিশা ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত আগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। আৰু ঘটনাস্থলীত পৰিস্থিতিত নিয়ন্ত্ৰণৰ বাবে পৰ্যাপ্ত পৰিমাণে আৰক্ষী মোতায়েন কৰা হয় বুলি জানিব পৰা গৈছে।

 

Related News