শিল্পীৰ দলক নাট্যগোষ্ঠীৰ প্ৰযোজক-পৰিচালকৰ প্ৰতাৰণা : ৪৬ লাখ টকা অনাদায়ে প্ৰযোজকৰ পলায়ন

RajaShreeTheatre

 

চাৰিওফালে চলি থকা ৰঙালী বিহুৰ উচাহৰ মাজতে নলবাৰী জিলাৰ মুকালমুৱাত মুখ্য কাৰ্য্যালয় থকা ৰাজশ্ৰী থিয়েটাৰ নামৰ থিয়েটাৰ দলটোৰ শিল্পীসকলক হতাশাই আৱৰি ধৰিছে।

জানিব পৰামতে, বহু নামী-দামী শিল্পীক চুক্তিবদ্ধ কৰা এই থিয়েটাৰ গোষ্ঠীটোৱে শিল্পীসকলক প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে। শিল্পীসকলে অভিযোগ কৰা মতে, নাট্যগোষ্ঠীটোৰ প্ৰযোজক যতীন ঠাকুৰীয়াই তেওঁলোকক এই বিহুৰ সময়তো চৰম প্ৰৱঞ্চনা কৰিলে।

যশস্বী অভিনেতা তপন দাসৰ লগতে জুপিতৰা ভূঞাও এই থিয়েটাৰ গোষ্ঠীৰ সৈতে যুক্তিবদ্ধ আছিল। কিন্তু তেওঁলোকক ৪৫ লাখ টকাতকৈও অধিক টকা প্ৰযোজকে দিবলৈ বাকী আছে। দিম দিম কৰি পিছুৱাই ৰাখি অৱশেষত প্ৰযোজকজনে পলায়ন কৰে বুলি গম পোৱা গৈছে।

আমালৈ অহা শেহতীয়া খবৰ মতে, থিয়েটাৰখনৰ আখৰা গৃহত আজিও বহু শিল্পীয়ে নোখোৱা-নোবোৱাকৈয়ে সময় অতিবাহিত কৰিছে কিবা এটা মীমাংসা হোৱাৰ আশাৰে।

আনহাতে থিয়েটাৰখনতে কাম কৰা এজন শিল্পীয়ে টকা নাপাই আত্মহত্যাৰ চেষ্টাও কৰে বুলি জানিব পৰা গৈছে।

থিয়েটাৰখনৰ পৰিচালক বৰ্ণালী ডেকাও এই প্ৰৱঞ্চনাৰ ষড়যন্ত্ৰত জড়িত বুলি শিল্পীসকলে অভিযোগ কৰে। শিল্পীসকলে জনোৱামতে, বৰ্ণালী ডেকাই প্ৰযোজকজনৰ হৈ প্ৰতিশ্ৰুতি দি আহিছিল। নাট্যগোষ্ঠী খুলি বিহুৰ সময়তে শিল্পীসকলক এইদৰে প্ৰতাৰণা কৰা ৰাজশ্ৰী থিয়েটাৰৰ প্ৰযোজকজনক সচেতন মহলে গৰিহণা দিছে।