স্বর্ণ ৰাণী হিমাই যিদৰে আইএএএফ চেম্পিয়নশ্বিপত সোণৰ পদক আঁজুৰি অনাৰ বাবে কৃচ্ছ্ৰ সাধনা কৰিছিল, ঠিক তেনেদৰেই বলুকা-শিল্পী পদ্মশ্ৰী সুদৰ্শন পাটনায়কেও হিমাৰ ঐতিহাসিক বিজয়ক পুৰীৰ সাগৰ তীৰত বলুকাত অংকন কৰিবলৈও কৃচ্ছ্ৰ সাধনা কৰিছিল।
পুৰীৰ সাগৰ তীৰত সোণালী কন্যাগৰাকীৰ বলুকা ভাস্কৰ্য সৃষ্টি কৰাৰ বাবে শিল্লী সুদৰ্শন পাটনায়কক ৪ ঘণ্টা আৰু ৩ টন বালিৰ প্ৰয়োজন হৈছিল।
নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এটা টেলিফ’নিক বাৰ্তালাপত পুৰীৰ পৰা বলুকা শিল্পী সুদৰ্শন পাটনায়কে কৈছিল, ‘‘মোৰ আচলতে মোৰ উদ্দেশ্য হৈছে দেশলৈ খ্যাতিৰ সুৱাস কঢ়িয়াই অনা সকলক প্ৰশংসা কৰাটো। মই যেতিয়া হিমাজীৰ বাতৰিটো প্ৰথমতে বাতৰিত পাইছিলোঁ তেতিয়াই মই অনুভৱ কৰিছিলোঁ যে আমাৰ দেশখনৰ বিভিন্ন প্ৰান্তত বিশ্ব বিজয় কৰিব পৰা অলেখ প্ৰতিভা সিঁচৰতি হৈ আছে। হিমা হৈছে এই প্ৰতিভাধৰসকলৰেই এক উদাহৰণ। আপুনি জানে যে আমাৰ উৰিষ্যাতো দুতি চান্দ (২০১৬ৰ গ্ৰীষ্মকালীন অলিম্পিকত মহিলাৰ ১০০ মি: দৌৰৰ শাখাত অন্তৰ্ভুক্ত হোৱা তৃতীয়গৰাকী ভাৰতীয়) আছে। গতিকে মই মোৰ বলুকা শিল্পৰ জৰিয়তে এই প্ৰতিভাশালীসকলক উদ্দীপনা জনাব বিচাৰোঁ।’’
হিমাৰ বলুকা ভাস্কৰ্যটো সৃষ্টি কৰাৰ পাছত পাটনায়কে টুইট কৰিছিল, ‘‘ভাৰতৰ গৰ্ব, দৌৰ-ৰাণী হিমা দাস উড়িষ্যাৰ পুৰী সমুদ্ৰ তটত। বিশ্ব ২০ অনূৰ্ধ্ব এথলেটিকছ চেম্পিয়শ্বিপত ভাৰতৰ প্ৰথম ট্ৰেক গ’ল্ড মেডেল বিজয়িনী হিমালৈ শুভেচ্ছা বাৰ্তাৰে মোৰ বলুকা শিল্প।’’
পাটনায়কে তেওঁৰ বলুকা শিল্পৰ মাজেৰে হিমা দাসক শুভেচ্ছা জনোৱাত পলম হোৱাৰ বাবে দুখ প্ৰকাশ কৰিছে। এই সম্পৰ্কে তেওঁ কৈছে, ‘‘পুৰীৰ ৰথ যাত্ৰা মহোৎসৱৰ বাবে মই এটা দিন হেৰুৱালোঁ। তেওঁক সময়মতে শুভেচ্ছা জনাব নোৱাৰি মই দুঃখিত। আৰু কালি ধাৰাসাৰে বৰষুণ দি আছিল। অৱশ্যে পলমকৈ হ’লেও মই মোৰ শিল্পৰ জৰিয়তে তেওঁক শুভেচ্ছা জনাবলৈ সামৰ্থ হৈছোঁ।
হিমাৰ সাফল্যত আনন্দত আপ্লুত হৈ পৰা পদ্মশ্ৰী সুদৰ্শন পাটনায়কে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক হিমাৰ সম্পৰ্কে কৈছিল। ‘‘মই তেওঁলোকক কৈছিলোঁ অসমৰ এখন অখ্যাত গাঁৱৰ পৰা আহি সাফল্য লাভ কৰা হিমাজীৰ বিষয়ে কৈছিলোঁ। এইখন আমাৰ ভৰতবৰ্ষ। আমাৰ দেশলৈ খ্যাতিৰ সুবাস কঢ়িয়াই অনা যুৱচামক উদ্দীপনা যোগাবই লাগিব। তেওঁলোকে যদি এখন মঞ্চ পায়, আমি অলিম্পিকত বহুতো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হ’ম।’’ বলুকা শিল্পীগৰাকীয়ে কয়।