NORTHEAST NOW (Assamese)

শিশু-মাতৃৰ স্বাস্থ্যৰ সজাগতামূলক প্ৰচাৰ অভিযানৰ উদ্দেশ্যে অসমত উপস্থিত হ’ব বলিউডৰ মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰ খান

May 15, 2018 1:32 pm · এন ই নাও নিউজ

য়ুনিচেফ ইণ্ডিয়াৰ তাৰকা তথা বলিউডৰ মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰ খানে অসমত শিশু-মাতৃৰ স্বাস্থ্যৰ ওপৰত এক সজাগতা মূলক প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অতি শীঘ্ৰে অসমত উপস্থিত হ’ব।

অতি কম বয়সতে শিশুৰ মৃত্যুৰ হাৰ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা ঘটনাক হ্ৰাস কৰাৰ উদ্দেশ্যে তথা এই ক্ষেত্ৰত এক সজাগতা মূলক প্ৰচাৰ অভিযন চলোৱাৰ উদ্দেশ্যে য়ুনিচেফৰ তাৰকা কৰীণা কাপুৰ অসমত উপস্থিত হ’ব।

উল্লেখযোগ্য যে অভিনেত্ৰী কৰীণা কাপুৰ য়ুনিচেফ ইণ্ডিয়াৰ লগত ২০১৩ চনৰ পৰা জড়িত হৈ আহিছে। অভিনেত্ৰী গৰাকীয়ে কিশোৰী, যুৱতীয়ে মাহেকীয়া ঋতুচক্ৰৰ সময়ত ভোগা বিভিন্ন সমস্যাৰ ওপৰতো চলোৱা সজাগতামূলক প্ৰচাৰ অভিযানৰ সৈতে জড়িত হৈ আহিছে।

এই সজাগতামূলক প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত অভিনেত্ৰী কৰীণা কাপুৰে প্ৰায় ৫ খন ৰাজ্যৰ যুৱতী, কিশোৰী, মহিলা আদিৰ সৈতে মত-বিনিময় কৰিছে।

মন কৰিব লগীয়া যে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য কল্যাণ বিভাগে শেহতীয়াকৈ চলোৱা এক অভিযানত দেশত শিশুৰ মৃত্যুৰ হাৰ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে।

শিশুৰ মৃত্যুৰ হাৰ (Infant mortality rate) পৰিসংখ্যা অনুযায়ী ১০০০ টা শিশুৰ ভিতৰত ৪৮০ টা। আৰু এই ১০০০ শিশুৰ ভিতৰত সৰহ সংখ্যক শিশুৰে জন্মৰ পৰা ১ বছৰৰ ভিতৰত মৃত্যু হয়। একেদৰে দেশত মাতৃৰ মৃত্যুৰ হাৰো বৃদ্ধি পাইছে।

আনহাতে এই ক্ষেত্ৰত য়ুনিচেফ ইণ্ডিয়াৰ তাৰকা কৰীণা কাপুৰ খানে উদ্বেগ প্ৰকাশ কৰাৰ লগতে এই ক্ষেত্ৰত সজাগতামূলক প্ৰচাৰ অভিযান চলোৱাৰ পোষকতা কৰে।

Related News