NORTHEAST NOW (Assamese)

শিৱসাগৰত ১৫৩০ গৰাকী বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ ক’লা দিৱস পালন

April 25, 2018 7:43 pm · এন ই নাও নিউজ

শিৱসাগৰত বুধবাৰে ১৫৩০ গৰাকী বেতন বঞ্চিত প্ৰাথমিক শিক্ষকে শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ক’লা দিৱস পালন কৰে।

উল্লেখযোগ্য যে এই শিক্ষক সকলৰ চাকৰি নিয়মীয়া কৰণৰ বাবে ইতিমধ্যে বহু বাৰ তদন্তৰ নামত ভেকো-ভাওনা কৰাৰ লগতে শিক্ষক সকলৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ তুলিছে বেতন বঞ্চিত শিক্ষক সমিতিয়ে।

শেহতীয়াকৈ কৰা এক তদন্তৰ প্ৰতিবেদনত শিক্ষকসকল নিয়মীয়া শিক্ষক হিচাপে তথ্য দাখিল কৰাৰ পাছত কেৱল ২০ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়া কৰণ কৰে।

মন কৰিবলগীয়া কথা যে এই ২০ গৰাকী শিক্ষকৰে দুগৰাকী শিক্ষকে ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

ফলত শিক্ষা বিভাগটোৱে এনে ধৰণে শিক্ষক সকলৰ জীৱনক লৈ হেতালি খেলা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি ক’ল দিৱস কাৰ্যসূচী গ্ৰহণ কৰে।

আনহাতে ক’লা দিৱস কাৰ্যসূচীৰ পিছত আজি পুনৰবাৰৰ বাবে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ যোগেদি মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰী লৈ এখন স্মাৰক প্ৰদান কৰি অতি শীঘ্ৰে শিক্ষক সকলৰ সমস্যা সমাধানৰ বাবে দাবী জনায়।

Related News