NORTHEAST NOW (Assamese)

শিৱসাগৰৰ চিৰিপুৰীয়া মধ্য অসমীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ অকাল বিয়োগ

May 30, 2018 9:58 pm · ৰাজীৱ দত্ত

শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ চিৰিপুৰীয়া মধ্য অসমীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী অনু কোঁৱৰৰ কালি পুৱা ৮.৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবতি লয়। পুৱাই শিক্ষয়িত্ৰীগৰাকী শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ শিৱসাগৰ প্ৰগতি নাৰ্ছিং হোমত ভৰ্ত্তি কৰে যদিও তাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ  বয়স ৫৮ বছৰ । তেওঁ  ইহসংসাৰত দুগৰাকী বিবাহিতা কন্যা, দুজন জোঁৱাই আৰু নাতি নাতিনীসহ বহু আত্মীয় স্বজনক এৰি থৈ গৈছে। সৰবৰহী শিক্ষয়িত্ৰী গৰাকীৰ অকাল বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে অঞ্চলটিত শোকৰ ছাঁ পৰে।  চিকিৎসালয়ৰ পৰা তেওঁৰ  মৃতদেহ  নিজ কৰ্তব্যস্থলী চিৰিপুৰীয়া মধ্য অসমীয়া বিদ্যালয় প্ৰাঙ্গণলৈ নিয়া হয়। তাতেই বিদ্যালয়ৰ  শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ -ছাত্ৰীসকলে মৃতদেহত পুষ্পাঞ্জলি অৰ্পণ কৰি  শিক্ষয়িত্ৰী গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে বিদ্যালয়খনৱৈ আগবঢ়োৱা অৱদানৰ কথা সুঁৱৰি শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকল আৱেগিক হৈ পৰে।

Related News