NORTHEAST NOW (Assamese)

শিৱসাগৰৰ ৰূপহীমুখত পথ দুৰ্ঘটনা, এজন আহত

July 20, 2018 8:48 pm · ৰাজীৱ দত্ত

অসমত নৈমিত্তিক ঘটনাৰ ৰূপ লোৱা পথ দুৰ্ঘটনাৰ ধাৰাৱাহিকতা অব্যাহত ৰাখি শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ভটীয়াপাৰৰ সমীপৰ ৰূপহীমুখত আজি ২০ জুলাইৰ দুপৰীয়া সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয়।

স্থানীয় ৰাইজ আৰু জয়সাগৰ আৰক্ষীয়ে দুৰ্ঘটনাত পতিত ব্যক্তিজনক উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

ঘটনাৰ বিৱৰণী মতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা এটা দ গাঁঁত বচাবলৈ গৈ এ এছ ০৬ এইচ ৮৩০০ নম্বৰৰ ডিব্ৰুগড় অভিমুখী হুণ্ডাই আই টেন গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা ইন্ধন ভৰ্তি এন এল ০২ -৪২৬৯ নম্বৰৰ টেংকাৰখনত মুখামুখিকৈ খুন্দা মাৰে।

সংৰ্ঘষটোৰ ফলত আই টেন গাড়ীখনৰ সন্মূখভাগ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আই টেন গাড়ীখনৰ চালকজন গুৰুতৰভাৱে আহত হয়।

Related News