NORTHEAST NOW (Assamese)

শিৱসাগৰ ডিমৌৰ ইকৰাতলীত আজিও নাই বিদ্যুৎ সংযোগ, প্ৰতিবাদ গাওঁবাসীৰ

July 3, 2018 11:13 pm · হিতোজ্জ্বল চেতিয়া

শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত বকতাৰ এখন গাওঁ ইকৰাতলী। আধুনিকতাই ঢুকি নোপোৱা এই গাওঁখনৰ ৰাইজে আজি ১০ বছৰে দেখা নাই বিদ্যুতৰ পোহৰ। চাকিৰ পোহৰতে ছাত্র-ছাত্ৰীয়ে পঢ়া শুনা কৰে, আন আন কামবোৰ কৰে আৰু তেনেকৈয়ে গাওঁবাসীয়ে জীৱন-যাপন কৰি আছে।

এনেদৰে অন্ধকাৰত দিন কটোৱাৰ মাজতে ভূতৰ ওপৰত দানৱ পৰাদি সম্প্ৰতি গাওঁখনৰ বিস্তীৰ্ণ অঞ্চল দিচাং আৰু দিৰৈ নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে।

এফালে বিজুলী বাতিৰ নাটনি আৰু তাৰ ওপৰত বানপানীৰ তাণ্ডৱ, বকতা ইকৰাতলী গাঁৱৰ ৰাইজ অতিষ্ঠ হৈ চৰকাৰৰ বিৰুদ্ধে হাতত চাকি লৈ কৰিছে অভিনৱ প্ৰতিবাদ। গাওঁখনত শীঘ্ৰে বিদ্যুৎ সংযোগ দিয়া দাবীত বিধায়ক, সাংসদ তথা চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে পথৰ ওপৰৰ পুৰুষ-মহিলা সকলোৱে কৰিছে প্ৰতিবাদ। এতিয়া পৰিৱৰ্তনকামী চৰকাৰে গঞা ৰাইজৰ আশা-আকাংক্ষা কিদৰে পূৰণ কৰে সেয়া হ’ব লক্ষণীয়। বৰ্তমান আহাৰমহীয়া বানৰ বিভীষিকা আৰু অন্ধকাৰৰ মাজত ভয়াৱহ দিন কটাইছে গাঁৱখনৰ ৰাইজে।

Related News