শীঘ্ৰেই প্ৰকাশ পাব বেজবৰুৱাৰ বাসভৱন পুনৰ্নিমাণ সম্পৰ্কীয় প্ৰতিবেদন

ভাৰতৰ ৰাষ্ট্ৰীয় কলা আৰু সাংস্কতিক ঐতিহ্য সংৰক্ষণ ন্যাসে  অসমীয়া সাহিত্যৰ চিৰস্মৰণীয় ব্যক্তি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰত থকা বাসভৱনটোৰ পুনৰ্নিমাণৰ বিশদ প্ৰকল্প প্ৰতিবেদন (ডি পি আৰ) প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰিছে। ন্যাসৰ সম্বলপুৰ শাখাৰ সদস্য দীপক পাণ্ডাই জানিবলৈ দিয়া মতে অহা দুসপ্তাহৰ ভিতৰত ডি পি আৰ প্ৰস্তুতিৰ কাম সম্পূৰ্ণ হ’ব। উৰিষ্যা চৰকাৰে বাসভৱনটেৰ পুনৰ্নিমাণৰ বাবে ৫০ লাখ টকা অনুমোদন দিছে। ৰাজ্য চৰকাৰখনে ডি পি আৰত অনুমোদন দিয়াৰ পিছতে এই ধনেৰে ন্যাসে গৃহটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিব।  উল্লেখযোগ্য যে ১৯১৭ চনতে বেজবৰুৱা সম্বলপুৰলৈ গৈছিল আৰু ২০ বছৰ কাল চহৰখনত বাস কৰিছিল। বেজবৰুৱাই তেওঁৰ ঘৰটোৰ এটা অংশ থকাৰ বাবে আৰু আনটো কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিছিল। অলপতে ন্যাসৰ বিশেষজ্ঞই গৃহটো পৰিদৰ্শন কৰি ঘৰটোৰ অৱস্থাৰ বুজ লৈছিল। কাৰ্যালয় গৃহটোৰ অৱস্থা অতি জৰাজীৰ্ণ  আৰু ডি পি আৰ প্ৰস্তুতৰ কাম চলি আছে। ন্যাসৰ সদস্য তথা বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ আহ্বায়ক দীপক পাণ্ডাই জনায় যে তেওঁলোকে বেজবৰুৱাৰ বাসভৱনটো এটা সাংস্কৃতিক বিনিময় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ দিছে য’ত বেজবৰুৱাৰ গ্ৰন্থ, ফটোগ্ৰাফ আৰু তেওঁৰ সময়ৰ উৰিষ্যা আৰু অসমৰ বিভিন্ন স্মাৰক সংৰক্ষণ কৰিব পৰা যাব।