শীঘ্ৰে ছিকিমৰ পাকইয়ং বিমান বন্দৰৰ পৰা আৰম্ভ হ’ব বিমান চলাচল: মুখ্যমন্ত্ৰী চামলিং

ছিকিমৰ নৱনিৰ্মিত পাকইয়ং বিমান বন্দৰৰ পৰা অতি শীঘ্ৰে বিমান চলাচল আৰম্ভ হ’ব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙে।

শুকুৰবাৰে ছিকিম বিধানসভাত এই তথ্য সদৰী কৰি মুখ্যমন্ত্ৰী চামলিঙে কয়:  পাকইয়ং বিমান বন্দৰ সম্পূৰ্ণ সাজু হৈ উঠিছে আৰু অতি সোনকালে ইয়াৰ পৰা বিমান চলাচল আৰম্ভ হ’ব।

আনহাতে যোৱা ৫ মাৰ্চত পাকইয়ং বিমান বন্দৰত ১৯খন আসনযুক্ত ডৰনিয়াৰ ২২৮ বিমান অৱতৰণ কৰাত সন্তোষ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে ৬০৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত পাকইয়ং বিমান বন্দৰটো নিৰ্মাণ কৰি উলিয়াবলৈ প্ৰায় ৯ বছৰৰ প্ৰয়োজন হ’ল। অৱশ্যে এই বিমান বন্দৰটোৰ পৰা বাণিজ্যিক বিমানৰ উৰণ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ভাৰতীয় বিমান বন্দৰ প্ৰাধিকাৰীয়ে।

পাকইয়ং বিমান বন্দৰটোৰ পৰা দিল্লী, কলকাতা আৰু গুৱাহাটীলৈ বাণিজ্যিক বিমান চলাচল কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে ছিকিম চৰকাৰৰ সূত্ৰ এটাই। উল্লেখযোগ্য যে পাকইয়ং বিমান বন্দৰটো গেংটকৰ সমীপত আৰু সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৪০০০ হেজাৰ ফুট উচ্চতাত নিৰ্মিত।

গেংটকৰ ওচৰৰ এই বিমান বন্দৰটো কাৰ্যক্ষম হোৱাৰ লগে লগে ৰাজ্যবাসীৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ লগতে ইয়াৰ জৰিয়তে ছিকিমলৈ অহা পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাব বুলি আশা কৰা হৈছে।