শোণিতপুৰত পৰীক্ষা কৰা হ’ব ৩৬ হেজাৰতকৈ অধিক লোকৰ বংশবৃক্ষ

nrc.

শোণিতপুৰত ৩৬,১০৫গৰাকী লোকৰ বংশবৃক্ষ পুনৰ পৰীক্ষা কৰা হ’ব। জানিব পৰা মতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচি উন্নীতকৰণৰ দ্বিতীয় পৰ্যায়ৰ বাবে জিলাখনত নিয়োগ কৰা হৈছে ১০৫ গৰাকী তদন্তকাৰী বিষয়া।

সোমবাৰে শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত এই তথ্য সদৰী কৰে জিলাখনৰ উপায়ুক্ত মনোজ কুমাৰ ডেকাই।

একেখন বংশবৃক্ষৰ তালিকা যাতে আন কোনো লোকে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ সত্যাসত্য নিৰূপণৰ বাবে এই ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰি উপায়ুক্ত ডেকাই পুনৰ কয় যে এই প্ৰক্ৰিয়াটোক লৈ ৰাইজে আতংকিত হ’বলগীয়া একো নাই।

জিলাখনৰ এনআৰচি সেৱাকেন্দ্ৰসমূহত মাৰ্চ মাহ পৰ্যন্ত বংশবৃক্ষৰ প্ৰথম আৰ্হিৰ পৰীক্ষণ চলিব বুলি প্ৰকাশ কৰি উপায়ুক্তগৰাকীয়ে কয় যে ইতিমধ্যে যিসকলক এই পৰীক্ষাৰ বাবে জাননী দিয়া হৈছে তেওঁলোক এসপ্তাহৰ ভিতৰত উপস্থিত হৈ বংশবৃক্ষ দাখিল সন্দৰ্ভত প্ৰমাণ দিব লাগিব।

উল্লেখ্যযোগ্য যে কোনো এৰাব নোৱৰা কাৰণত যদিহে জাননীপ্ৰাপ্ত লোকজন উপস্থিত থাকিব নোৱাৰে তেনেহ’লে তেওঁ একেখন বংশবৃক্ষ ব্যৱহাৰ কৰা আন এজনক এই শুনানিত উপস্থিত থকাৰ অধিকাৰ প্ৰদান কৰিব পাৰিব।

আনহাতে জিলাখনত এনআৰচিৰ প্ৰপত্ৰ পূৰণৰ প্ৰথম পৰ্যায়ত পাঁচ সহস্ৰাধিক লোকে ভুৱা নথি দাখিল কৰাটো শোণিতপুৰত পোহৰলৈ আহিছিল। সম্প্ৰতি এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যদিও প্ৰশাসনে এনেবোৰ ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ পৰৱৰ্তী সময়তহে গ্ৰহণ কৰিব।

বিশেষকৈ জন্মৰ প্ৰমাণপত্ৰ, শিক্ষানুষ্ঠানৰ প্ৰমাণপত্ৰ আদিকে ধৰি বিভিন্ন ভুৱা নথি দাখিলৰে নাম অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা চলোৱাসকলৰ নথিৰ সত্যাসত্য তেওঁলোকে উল্লেখ কৰা অনুষ্ঠানসমূহে নাকচ কৰাৰ পাছত এনে লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা নাই বুলি কয় উপায়ুক্তগৰাকীয়ে।