শোণিতপুৰত ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত

accident

প্ৰতিনিধিত্বমূলক ফটো

শুকুৰবাৰে নিশা শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত এৰাসুঁতিত  ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত এক পথ দুৰ্ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নথি প্ৰমাণৰ বাবে সাক্ষ্য প্ৰদান কৰি বাছ যাত্ৰীসকল ঘৰলৈ উভতাৰ পথত এই  দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

এএছ-১২এচি-২০৭৩ নম্বৰৰ বাছখন নিৰ্দিষ্ট যাত্ৰাপথেৰে আহি থাকোতে ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত এৰাসুঁতিত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাগৰি পৰে৷ ফলত বাছখনৰ ভিতৰত থকা ৫০ গৰাকী যাত্ৰীৰ আটাইকেইজনে কম বেছি পৰিমানে আহত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতেই ঠেলামৰা আৰক্ষী থানাৰ তহলদাৰী আৰক্ষী আৰু স্থানীয় ৰাইজে আহত সকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতললৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, পুৱাতেই এন আৰ চিৰ শুনানিত অংশ ল’বলৈ যোৱা এই সকল লোকৰ শুনানি গ্ৰহণ সন্ধিয়াৰ ভাগতহে হোৱাৰ ফলত তেওঁলোক ঘৰলৈ পলমকৈ উভতি আহিব লগা হৈছিল বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত চিৰাজুলি অঞ্চলৰ এই লোকসকল নগাঁও জিলাৰ ৰূপহীৰ এটা সেৱা কেন্দ্ৰত এনআৰচিৰ শুনানিত সাক্ষ্য-প্ৰমান দাঙি ধৰিবলৈ গৈছিল।