শ্বহীদ ভাস্কৰ কলিতাৰ সাহসিকতা অসম আৰক্ষীৰ বাবে চিৰদিন স্মৰণীয় হৈ থাকিব : ডিজিপি কুলধৰ শইকীয়া

ডিজিপি কুলধৰ শইকীয়া

উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আলফা (স্বাঃ)ৰ গুলীত শ্বহীদ হোৱা আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ আজাৰৰ মাজিৰগাওঁস্থিত বাসগৃহত বুধবাৰে উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া।

মহানগৰ আৰক্ষী আয়ুক্ত হীৰেন চন্দ্ৰ নাথৰ সৈতে যোৱা আৰক্ষী সঞ্চালকপ্ৰধান শইকীয়াই শ্বহীদগৰাকীৰ পত্নী সংগীতা কলিতাৰ উপৰি পিতৃ খগেন কলিতা আৰু মাতৃ ৰাজুবালা কলিতাক সাক্ষাৎ কৰে।

ডিজিপি শইকীয়াই কয় যে ভাস্কৰ কলিতা এজন সাহসী আৰক্ষী বিষয়া আছিল। তেওঁ উগ্ৰপন্থীৰ দলটোৰ সৈতে সাহসেৰে যুঁজ দি মৃত্যুক আকোঁৱালি ল’বলগীয়া হ’ল।

তেওঁ কয়, ‘’উগ্ৰপন্থীৰ দলটোক শেষ মুহূৰ্তলৈকে প্ৰত্যাক্ৰমণ কৰিছিল ভাস্কৰে। ভাস্কৰৰ সাহসিকতাৰ বাবে উগ্ৰপন্থীৰ দলটোৱে পলায়ন কৰিবলৈ বাধ্য হয় যদিও উগ্ৰপন্থীৰ গুলীত নিজে প্ৰাণ আহুতি দিব লগা হয়।‘’

শ্বহীদ ভাস্কৰ কলিতাৰ সাহসিকতা অসম আৰক্ষীৰ বাবে চিৰদিন স্মৰণীয় হৈ থাকিব বুলি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে ব্যক্ত কৰে।

ভাস্কৰৰ পৰিয়ালে চৰকাৰৰ পৰা পাবলগীয়া সকলো সা-সুবিধা সময়মতে লাভ কৰিব বুলিও সঞ্চালকপ্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে।

ডিজিপি কুলধৰ শইকীয়াই লগতে অসম আৰক্ষীৰ কল্যাণ নিধিৰ এক লাখ টকাৰ চেক এখন পত্নী সংগীতা কলিতাৰ হাতত প্ৰদান কৰে।