শ্বিলঙত সামাজিক মূ্ল্যায়নৰ বিষয়ত ৰাষ্ট্ৰীয় সন্মিলন

আজি শ্বিলঙত দুদিনীয়াকৈ সামাজিক মূ্ল্যায়নৰ বিষয়ত এখন ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰা হৈছে। মুখ্য মন্ত্ৰী মুকুল চাংমাৰ দ্বাৰা মুকলি কৰা এই সন্মিলনখন আয়োজন কৰিছে মেঘালয়ৰ আঁচনি ৰূপায়ন আৰু মূল্যায়ন বিভাগে। সন্মিলনত উপস্থিতসকলক সম্বোধন কৰি মুখ্য মন্ত্ৰী চাংমাই কয় সামাজিক মূল্যায়নৰ এই নিয়মটো প্ৰচলন কৰা হৈছিল মহাত্মাগান্ধী এনৰেগা আঁচনিৰ সন্দৰ্ভত ২০০৭ চনত। তেওঁ লগতে কয় যে জনসাধাৰণৰ স্বপ্ন আৰু আশাক বাস্তৱ ৰূপ দিবলৈ আৰু আৰ্থ-সামাজিক অসমতা দূৰ কৰিবলৈ চৰকাৰৰ বহুতো আঁচনি আছে। কিন্তু চৰকাৰে আশা কৰা ধৰণে বাস্তৱত সকলো হৈ উঠা নাই। তেওঁ কয় যে সামাজিক মূল্যায়নৰ বাবে মেঘালয়ত থকা বিধিগত ব্যৱস্থাই ৰাজ্যখনক সকলো পক্ষৰে অন্তৰ্ভুক্তিৰে সম্পূৰ্ণ মূল্যায়ন আৰু সংশোধনৰ বাবে সক্ষম কৰি তুলিব। মেঘালয় চৰকাৰেই হ’ল দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য যি সামাজিক মূল্যায়ন আইন প্ৰণয়ন কৰিছে। এই আইনে উন্নয়নৰ বাবে কৰা পৰিকল্পনা, হিতাধিকাৰী নিৰ্বাচন, আঁচনিবোৰৰ সমান্তৰাল তদাৰক, অভাৱ-অভিযোগৰ নিৰাময় আৰু কাম, সেৱা আৰু আঁচনিবোৰৰ বাৰ্ষিক মূল্যায়নত জনসাধাৰণৰ অংশগ্ৰহণৰ সুযোগ দিয়ে। অহা শনিবাৰে অন্ত পৰিব লগীয়া সন্মিলনখনত মেঘালয়ৰ ষ্টেইট ছ’চিয়েল অ’ডিট কাউন্সিলৰ সভাপতি, টকি ব্লা, সমাজকৰ্মী আৰু বিষয়া আদিৰ উপৰি ৰাজ্যখনৰ বাহিৰৰ পৰা অহা বহুতো সমাজকৰ্মী তথা সমাজবিজ্ঞানী উপস্থিত থাকে।