শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ অভিযোগনামা : মূল অভিযুক্ত গোবিন্দ, সহায়কাৰী মাক আৰু বায়েক

Swetta-1

চাঞ্চল্য সৃষ্টি কৰা শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ অভিযোগনামাত আৰক্ষীয়ে মূল অভিযুক্ত গোবিন্দৰ লগতে তেওঁক হত্যাকাণ্ডত সহায় কৰা মাক আৰু বায়েকৰ নামো সন্নিৱিষ্ট কৰিছে।

মহানগৰীৰ ভৰলুমুখ থানাৰ আৰক্ষীয়ে মহানগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এই অভিযোগনামা দাখিল কৰিছে। অভিযোগ নামাত গোবিন্দ (২১), তেওঁৰ মাক কমলা দেৱী ( ৪৮) আৰু বায়েক ভৱানী সিংঘাল ( ২৩)ৰ নাম সন্নিৱিষ্ট হৈছে বুলি আৰক্ষীৰ সূত্ৰটোৱে কয়।

উল্লেখযোগ্য যে যোৱা বছৰৰ ৪ ডিচেম্বৰত মহানগৰীৰ শ্বেতা আগৰৱালা নামৰ মেধাৱী ছাত্ৰীগৰাকীক তেওঁৰ বন্ধুৱেকে হত্যা কৰিছিল। পৰীক্ষাৰ পৰা বাহিৰে বাহিৰে বন্ধু গোবিন্দৰ ঘৰলৈ যোৱা শ্বেতা আগৰৱালাক পিছত মৃত অৱস্থাত গোবিন্দৰ ঘৰত উদ্ধাৰ কৰা হৈছিল। মেধাৱী ছাত্ৰী গৰাকীয়ে উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত গুৱাহাটী কৰ্মাচ কলেজৰ পৰা পৰীক্ষা দি অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছিল। তাৰ পিছত তেওঁ কে চি দাস কৰ্মাচ কলেজত অধ্যয়ন কৰিছিল।

আৰক্ষীৰ জেৰাৰ সময়ত গোবিন্দই শ্বেতাক হত্যা কৰা বুলি স্বীকাৰ কৰিছিল। আৰক্ষীয়ে লগতে এইটো নিশ্চিত হৈছিল যে ঘটনাটোত গোবিন্দৰ মাক আৰু বায়েকো জড়িত হৈ পৰিছিল।