NORTHEAST NOW (Assamese)

শ্বেতা হত্যাকাণ্ড : অভিযুক্ত গোবিন্দৰ সম্পৰ্কে ৫ টা নতুন তথ্য

December 9, 2017 5:07 pm · এন ই নাও নিউজ ব্যুৰো

মৰণোত্তৰ পৰীক্ষাৰ পিছত শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত নতুন তথ্য উদঘাটন হৈছে। উক্ত তথ্য মতে মেধাৱী ছত্ৰী গৰাকীৰ হত্যাকাণ্ডত চোকা অস্ত্ৰৰ ব্যৱহাৰ কৰা হৈছিল।

উল্লেখযোগ্য যে যোৱা সোমবাৰে গোবিন্দ সিংঘালৰ ঘৰত শ্বেতাৰ মৃতদেহ উদ্ধাৰ হৈছিল। ইয়াৰ পিছদিনাই আৰক্ষীয়ে মূল অভিযুক্ত গোবিন্দ সিংঘালৰ সৈতে মুঠ তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত গোবিন্দ সিংঘালৰ বিষয়ে মন কৰিব লগীয়া কিছু তথ্য ইয়াত সন্নিবিষ্ট কৰা হৈছে।

  • গুৱাহাটীৰ ৰয়েল স্কুল অব কৰ্মাচৰ স্নাতক বৰ্ষৰ ৫ম ষাণ্মাষিকৰ ছাত্ৰ গোবিন্দৰ বয়স ২১ বছৰ।
  • তেওঁ শ্বেতাৰ সৈতে ছাত্ৰীবাৰীৰ এটা শৈক্ষিক প্ৰতিষ্ঠানত ছাৰ্টাড একাউণ্টেচিৰ পৰীক্ষাৰ বাবে ক’চিং কৰি আছিল।
  • গোবিন্দৰ ব্যৱসায়িক পিতৃ আৰ এছ সিংঘালে সঘনাই ৰাজ্যৰ বাহিৰলৈ গৈ থাকে।
  • ২০১০ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোবিন্দ সিংঘাল শীৰ্ষ ১০ জনৰ এজন আছিল।
  • গোবিন্দই কে চি দাস কৰ্মাচ কলেজৰ পৰা বাণিজ্য শাখাত উচ্চতৰ মাধ্যমিকৰ শিক্ষা সম্পূৰ্ণ কৰিছিল।

Related News