NORTHEAST NOW (Assamese)

শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত বোকাখাত মহকুমাৰ সকলো বাগিচাত চাহ মজদুৰ সংঘৰ ধৰ্ণা

July 4, 2018 10:54 am · উত্তম শইকীয়া

শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত অসম চাহ মজদুৰ সংঘই আজি আহ্বান জনোৱা বাগিচা বাগিচাই এঘন্টীয়া ধৰ্ণা কাৰ্যসূচীৰ প্ৰতি সহাঁৰি জনায় বোকাখাত মহকুমাটো চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ নেতৃত্বত মহকুমাটোৰ সকলো চাহ বাগিচাতে পুৱাতে এই কাৰ্যসূচী ৰূপায়ন কৰে ৷ মহকুমাটোৰ প্ৰতিখন বাগিচাৰে শ্ৰমিক কামলৈ যোৱাৰ আগেয়ে বাগিচাৰ কাৰ্যালয়ৰ সমুখত সকলো সমবেত হৈ ধৰ্ণা দিয়ে।

শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত সুদীৰ্ঘ দিন ধৰি চাহ শ্ৰমিক সকলে বিভিন্ন সময়ত আন্দোলন কৰি আহিছে যদিও বৰ্তমানৰ চৰকাৰখনে যোৱা দুটা বছৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বাবে কোনো গুৰুত্ব নিদিয়াত এতিয়াত ক্ষুভিত হৈ পৰিছে চাহ শ্ৰমিকসকল।

চাহ মজদুৰ সংঘৰ আহ্বানত আজি বোকাখাতৰ চাহ বাগিচাবোৰৰ শ্ৰমিকসকলে হাতে হাতে সংঘৰ পতাকা লৈ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে বাগিচাৰ পৰিচালকৰ হাতত মজুৰী বৃদ্ধিৰ দাবী চনদ প্ৰদান কৰি কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখযোগ্য যে চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ সভাপতি মামনি গাজলুয়ে স্থানীয়  লখৌজান চাহ বাগিছাত আৰু সম্পাদক তপন কৰ্মকাৰে নুমলীগড় চাহ বাগিচাত স্থানীয় বাগিচা সংঘ আৰু শ্ৰমিকৰ সহযোগত আজিৰ প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে।

Related News