NORTHEAST NOW (Assamese)

ষ্টাৰ চিমেণ্টে আয়োজন কৰা ‘ভাগ নর্থ-ইষ্ট ভাগ’ত অংশগ্ৰহণ কৰিব বিপাশা বসুৱে

March 28, 2018 5:52 pm · এন ই নাও নিউজ

ষ্টাৰ চিমেন্টে  আয়োজন কৰা ‘ভাগ নৰ্থ-ইষ্ট ভাগ’ শীৰ্ষক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো আন্তঃজাতিক দৌৰত অংশ গ্ৰহণ কৰিব বলিউদৰ অভিনেত্ৰী বিপাশা বসুৱে। অহা এপ্ৰিলৰ ১ তাৰিখে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটো ‘ক্লীন ইণ্ডিয়াৰ সহযোগত অনুষ্ঠিত কৰা হ’ব। অৰ্ধ মাৰাথন, ১০ কি: মি: আৰু ৪ কি: মি: -এই তিনিটা শাখাত এই দৌৰ অনুষ্ঠিত কৰা হ’ব।

ষ্টাৰ চিমেণ্টে ২৭ৰ পৰা ৩১ মাৰ্চলৈকে এখন মেলাৰ আয়োজন কৰিছে য’ত মানুহে  দৌৰৰ বাবে কাৰ্ড সংগ্ৰহ কৰিব পাৰিব। দৌৰ খানাপাৰত আৰম্ভ হৈ খানাপাৰাত সমাপ্ত হ’ব বুলি  আয়োজকে জনাইছে।

‘ভাগ নৰ্থ-ইষ্ট ভাগ’ অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে দৌৰৰ অন্তত আয়োজন কৰা বজাৰ-সমাৰ উৎসৱত কিনা সামগ্ৰীৰ ওপৰত ৫০ শতাংশ ৰেহাই লাভ কৰিব। কুপনখনেই দৌৰ আৰু বজাৰ-সমাৰ উৎসৱৰ প্ৰৱেশপত্ৰ হিচাপে বিৱেচিত হ’ব।

স্বাস্থ্য সচেতন বিপাশা বসুৱে এই দৌৰত অংশ গ্ৰহণ কৰাৰ বাবে অত্যন্ত আগ্ৰহী বুলি কৈ জনাইছে যে উত্তৰ-পূৰ্বাঞ্চলৰ সৌন্দৰ্যক তেওঁ ভাল পায়। উত্তৰ-পূহৰ মানুহক ভাৰতৰ অন্য অংশৰ তুলনাত অধিক স্বাস্থ্য সচেতন আৰু পৰিচ্চন্ন বুলি স্বীকাৰ কৰিছে। উত্তৰ-পূবৰ মানুহৰ বাবে ষ্টাৰ চিমেণ্টৰ ‘ভাগ নৰ্থ-ইষ্ট ভাগ’ এটা যথাৰ্থ উপহাৰ বুলি টেলিগ্ৰাফ কাকতৰ আগত প্ৰকাশ কৰিছে অভিনেত্ৰী বিপাশা বসুৱে।

এই দৌৰ অনুষ্ঠানটো উত্তৰ-পূব ভাৰতৰ প্ৰথমটো অৰ্ধ  মাৰাথন য’ত ভাৰতৰ বাহিৰেও বিদেশী অংশগ্ৰহণকাৰীয়েও ভাগ ল’ব।

এই অনুষ্ঠানটোৰ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফ্লেগ-অফ কৰাৰ আশা আছে।

প্ৰবীণ গায়ক জে পি দাস, প্ৰবীণ অভিনেতা প্ৰাঞ্জল শইকীয়া, অভিনেতা গুঞ্জন ভৰদ্বাজ, জনপ্ৰিয় গায়ক মানস ৰবীন আৰু সীমান্ত শেখৰ, সাতোঁৰবিদ এলভিছ আলী হাজৰিকা, ফিটনেছ গুৰু মহাদেব ডেকা, পৰ্বতাৰোহী অংশু জামছেপা, অভনেতা সুনীতা কৌশিক আৰু অভিনেতা আৰু পৰিচালক ত্ৰিদীব লাহন আদিয়ে বিপাশাৰ সৈতে দৌৰত অংশগ্ৰহণ কৰিব।

অৰ্ধ মাৰাথন আৰম্ভ হ’ব ১ এপ্ৰিলৰ পুৱা ৫-৩০ বজাত, ১০ কি: মি: দৌৰ আৰম্ভ হ’ব  পুৱা ৬ বজাত আৰু চাৰি কি: মি: দৌৰ আৰম্ভ কৰা হ’ব পুৱা ৭-৩০ বজাত।

Related News