সংৰক্ষণৰ সুবিধাৰ দাবীত ৰে’ল অৱৰোধ কৰিব অসমৰ আদিবাসীসকলে

অসমৰ আদিবাসী সম্প্ৰদায়ৰ সংগঠনবোৰৰ এটা সূত্ৰই জনোৱা মতে সংৰক্ষণৰ তালিকাত অসমৰ আদিবাসীসকলক অন্তৰ্ভুক্ত কৰাৰ দাবীত সংসদৰ শীতকালীন অধিৱশন চলাৰ সময়তে অহা ১৯ ডিচেম্বৰত সাতঘণ্টীয়া ৰেইল অৱৰোধৰ কাৰ্য্যসূচী লোৱা হৈছে। যোৱা ১ ডিচেম্বৰত কোকৰাঝাৰত হোৱা  আদিবাসী সন্মিলন (আদিবাসী নেশ্যনেল কনভেনশ্যন)ৰ এখন সভাত এই সিদ্ধান্ত লোৱা হয়। সভাত লোকসভা নিৰ্বাচনৰ আগে আগে বিজেপিৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰাৰো সিদ্ধান্ত লোৱা হয়, কাৰণ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে তেওঁলোকৰ এই দীৰ্ঘদিনীয়া দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু শাসনভাৰ পোৱাৰ পিছত তেওঁলোকে একোৱেই নকৰিলে। এই সন্মিলন হ’ল ৫টা যুদ্ধ বিৰত সশস্ত্ৰ গোটকে ধৰি ১৭ টা আদিবাসী সংগঠনৰ উমৈহতীয়া মঞ্চ। সন্মিলনৰ সচিব বীৰচিং মুণ্ডাই জানিবলৈ দিয়ে যে তেওঁলোকৰ সদস্যসকলে কোকৰাঝাৰ, দৰঙৰ মাজবাট, বিশ্বনাথ চাৰি আলিৰ ৰঙাপাৰা আৰু গোলাঘাট জিলাৰ বোকাজান পুৱা ৬ বজাৰ পৰা ১ বজালৈ ৰে’লপথ অৱৰোধ কৰিব। তেওঁ কয় যে অসমৰ আদিবাসীসকলে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দিছিল এই বাবেই যে তেওঁলোকে ৰাজ্যখনত সম্প্ৰদায়টোৱে ভোগ কৰি থকা সমস্যাবোৰৰ সমাধানৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু দলটোৱে শাসনলৈ আহিল যদিও তেওঁলোকৰ বাবে একোৱে নকৰিলে। ‘’আমাৰো ধৈৰ্য্যৰ সীমা আছে। এতিয়া আমি ২০১৯ চনৰ লোকসভাৰ আগত আমাৰ সদস্যসকলক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লগাম।‘’ এইদৰে কয় সচিবজনে। তেওঁ লগতে কয়, ‘আমি আদিবাসীসকলক এই শীতকালীন অধিৱেশনৰ ভিতৰতে এছ টি ৰ মৰ্য্যাদা দিয়াৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছো, অন্যথা আমি বিজেপিৰ বিৰুদ্ধে যুঁজি যাম।‘’ উল্লেখযোগ্য যে বীৰচিং মুণ্ডা সম্প্ৰতি যুদ্ধ বিৰতিত থকা আদিবাসী সশস্ত্ৰ গোট বীৰচা কমাণ্ডো ফৰ্চৰ প্ৰাক্তন কমাণ্ডাৰ। আনহাতে ইয়াৰ পূৰ্বেও অক্টোবৰত আদিবাসী সংগঠনে তেওঁলোকৰ এছ টি ষ্টেটাছ দাবী কৰি ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰিছিল। জানিব পৰা মতে সংগঠনকেইটাৰ ফালৰ পৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়, য’ত তেওঁলোকক ‘চাহ জনগোষ্ঠী সম্প্ৰদায়’ বা tea tribe community বুলি কোৱাৰ পৰিৱৰ্তে ‘আদিবাসী’ বুলি কোৱাৰ দাবী কৰা হয়। অন্যান্য দাবীৰ ভিতৰত প্ৰধানকৈ আছে বনাঞ্চলত বাস কৰা আদিবাসীসকলক Dwellers (Recognition of Forest Rights) Act, 2006 ৰ অধীনত মাটিৰ অধিকাৰ দিয়া, মাটিবিহীন চাহবাগিচাৰ কৰ্মচাৰীক মাটিৰ সৈতে মাটিৰ পট্টা দিয়া আদি।