NORTHEAST NOW (Assamese)

ৰামকৃষ্ণ তালুকদাৰ, জগন্নাথ বায়ন আৰু নুৰুদ্দিন আহমেদলৈ সংগীত-নাটক অকাডেমি বঁটা

June 20, 2018 8:47 am · এন ই নাও নিউজ
Updated: June 20, 2018 10:05 am

ৰাজ্যৰ এজন আগশাৰীৰ সত্ৰীয়া নৃত্যশিল্পী তথা সত্ৰীয়া নৃত্যৰ শিক্ষক ৰামকৃষ্ণ তালুকদাৰ, সত্ৰীয়া শিল্পী তথা খোলবাদক জগন্নাথ বায়ন আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদলৈ আগ বঢ়োৱা হৈছে ২০১৭ বৰ্ষৰ গৌৰৱময় সংগীত-নাটক অকাডেমি বটাঁ।

নিজৰ নিজৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া সাধনাৰে কলা-সংস্কৃতিৰ জগতলৈ উল্লেখযোগ্য অৱদান আগ বঢ়াই অহা তিনিওজন বিশিষ্ট ব্যক্তিলৈ এই বিৰল স্বীকৃতি আগ বঢ়োৱা কথাটোৱে গৌৰৱিত কৰিছে ৰাজ্যখনৰ বিভিন্ন স্তৰৰ লোকক।

সত্ৰীয়া নৃত্যশিল্পী ৰামকৃষ্ণ তালুকদাৰৰ জন্ম হৈছিল বৰপেটা জিলাৰ পাঠশালাত। তেওঁ সৰুৰে পৰাই সত্ৰীয়া নৃত্যৰ শিক্ষা লৈছিল আৰু পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সত্ৰীয়া নৃত্যৰ ডিগ্ৰীও লাভ কৰিছিল।

তালুকদাৰে নিজে নৃত্যৰ চৰ্চা কৰাৰ উপৰি নিয়মীয়াকৈ নৃত্যৰ প্ৰশিক্ষণো প্ৰদান কৰি আহিছে। ইয়াৰোপৰি তেওঁ নৃত্য সম্পৰ্কীয় এখন গ্ৰন্থও লিখি উলিয়াইছে।

সংগীত-নাটক অকাডেমি বটাঁ পোৱা আন এজন সত্ৰীয়া শিল্পী তথা খোলবাদক জগন্নাথ বায়নৰো ঘৰ বৰপেটাতে।  তেওঁ সৰুৰে পৰা বিভিন্নজনৰ পৰা খোলবাদন শিকি পৰৱৰ্তী কালত অতি দক্ষ খোলবাদক হিচাপে পৰিচিত হৈ উঠে। উচ্চ শৈলীৰে খোলবাদন কৰিব পৰা বাবেই তেওঁৰ নাম গোটেই বৰপেটাৰ লগতে বৰপেটাৰ বাহিৰতো জনাজাত হৈ পৰে।

জগন্নাথ বায়নে ২০০০ চনত ৰাজ্য চৰকাৰৰ পৰা শিল্পী পেন্সনো লাভ কৰিছিল। ইয়াৰোপৰি তেওঁক বৰপেটাৰ সত্ৰ শাখা সমাজে সত্ৰভূষণ উপাধিও প্ৰদান কৰিছিল। বৰ্তমান অসুস্থ হৈ থকা ৯৩ বছৰীয়া শিল্পীজন এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ লগে লগে বিভিন্ন স্থানৰ পৰা বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে।

আনহাতে নুৰুদ্দিন আহমেদৰ জন্ম নলবাৰী জিলাত। তেওঁ মুম্বাইৰ জে কে কলেজ অব আৰ্টৰ পৰা কলা নিৰ্দেশনাৰ শিক্ষা গ্ৰহণ কৰিছিল। দীৰ্ঘদিনৰ পৰাই তেওঁ ৰাজ্যখনৰ চিনেমা, থিয়েটাৰ আদিত কলা নিৰ্দেশনাৰ কাম কৰি আহিছে। তেওঁৰ গুণগত কলা নিৰ্দেশনাই বহু প্ৰশংসা আৰু স্বীকৃতি তথা বঁটা-বাহন লাভ কৰিছে।

Related News