NORTHEAST NOW (Assamese)

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই অহা ২০, ২১, ২২ আৰু ২৩ ডিচেম্বৰত বন্ধ ৰাখিব গ্ৰন্থ বিপণি

December 16, 2017 7:57 pm · এন ই নাও নিউজ

অসম চৰকাৰে স্নাতকোত্তৰ শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ যি সিদ্ধান্ত লৈছে তাৰ প্ৰতিবাদত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই আজি কোকৰাঝাৰত মাৰ্চেণ্ট কালিবাৰীত এক প্ৰতিবাদী সভা তথা সংবাদমেল অনুষ্ঠিত কৰে। এই সভাৰ সিদ্ধান্তমৰ্মে সন্থাই গোটেই অসমতে ইয়াৰ অধীনৰ গ্ৰন্থ বিপণিবোৰ অহা ২০, ২১, ২২ আৰু ২৩ ডিচেম্বৰত বন্ধ ৰাখিব বুলি জনাইছে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে। তেওঁলোকে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত নিজৰ ক্ষোভ ব্যক্ত কৰি কয় যে তেওঁলোক ছাত্ৰ-ছাত্ৰীক কিতাপ বিনামূলীয়াকৈ দিয়াৰ বিৰোধী নহয়, কিন্তু সেইটো পৰোক্ষভাৱে ছাত্ৰ-ছাত্ৰীক জলপানি দি কৰাটো বিচাৰে। সন্থাটোৱে এই বিষয়টোত নিজৰ আৱেদন যুক্তিসহকাৰে মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা বুলিও প্ৰকাশ কৰে। তাৰ পিছতো চৰকাৰে নিজৰ স্থিতিত অটল থকাত সন্থাটোৱে এইদৰে প্ৰতিবাদৰ অংশস্বৰূপে বিপণিসমূহ বন্ধ ৰাখিবলৈ বাধ্য হৈছে বুলি কয় সম্পাদকজনে। আনহাতে তেওঁ অসমৰ সকলো গ্ৰন্থ বিক্ৰেতা তথা গ্ৰন্থ বিপণিৰ মালিকক উক্ত দিনকেইটাত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি প্ৰতিবাদৰ কাৰ্য্যসূচীটোত সমৰ্থন জনাবলৈ আহ্বান জনায়। সন্থাটোৰ সাধাৰণ সম্পাদকজনে এইটোও কয় যে এইটো থলুৱা মানুহৰ ব্যৱসায় আৰু ইয়াত লাখ লাখ নিবনুৱা জড়িত হৈ আছে। গতিকে এইসকলক ভাতে নামাৰিবলৈ তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে। সাংবাদ মেলখনত সন্থাৰ কাৰ্য্যকৰী সদস্যসকলকে ধৰি বিভিন্ন স্থানৰ গ্ৰন্থ বিপণিসমূহৰ গৰাকী আৰু গ্ৰন্থ বিক্ৰেতাসকল উপস্থিত থাকে৷ সংবাদমেলৰ পিছতে সন্থাৰ কোকৰাঝাৰ জিলা সমিতিও গঠন কৰা হয়৷

Related News