NORTHEAST NOW (Assamese)

সন্তাহীন মহিলাই স্বামীৰ নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ চিকিৎসালয়ৰ পৰাই অপহৰণ কৰিছিল আঢ়ৈ বছৰীয়া শিশুক

May 20, 2018 11:53 am · এন ই নাও নিউজ
প্ৰতিনিধত্বমূলক ফটো

মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা অপহৃত আঢ়ৈ বছৰীয়া শিশুটিক অৱশেষত আৰক্ষীয়ে অপহৰণ হোৱা ১২ ঘণ্টাৰ পিছতে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই নেলীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে গড়মাৰীভুলুকাগুৰি গাঁৱৰ বিজয় পাতৰ আৰু তৰালী বৰদলৈৰ আঢ়ৈ বছৰীয়া কন্যা শিশু চুইটি পাতৰক মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা এগৰাকী মহিলাই অপহৰণ কৰি নিছিল। আৰু এই সমগ্ৰ ঘটনা আবদ্ধ হৈছিল চিকিৎসালয়খনৰ চিচি টিভিৰ কেমেৰাত।

ফলত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি চিকিৎসালয়খনৰ চিচি টিভিৰ কেমেৰাত আবদ্ধ ফুটেজৰ ওপৰত ভিত্তি কৰি অপহৰণকাণ্ডৰ অনুসন্ধান চলাইছিল।

অৱশেষত মৰিগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত নেলীৰ পৰা আঢ়ৈ বছৰীয়া শিশুটিক উদ্ধাৰ কৰাৰ লগতে শিশুটি অপহৰণ কৰা মহিলা গৰাকীকো আটক কৰে।

আনহাতে আটাকধীন শিশু অপহৰণকাৰী মহিলা গৰাকীয়ে দিয়া স্বীকাৰোক্তি অনুসৰি মহিলাগৰাকী সন্তানহীন হোৱাৰ বাবে মহিলাগৰাকীৰ গিৰিয়েকে চলোৱা অত্যাচাৰতে মহিলাগৰাকীয়ে শিশুটি অপহৰণ কৰা বুলি কয়।

প্ৰাপ্ত তথ্য মতে অপহৰণকাৰী মহিলাগৰাকীৰ সন্তান নথকাৰ বাবে গিৰিয়েকে মহিলাগৰাকীক নানা অত্যাচাৰ চলোৱাৰ লগতে বিবাহ বিচ্ছেদৰো ভাবুকি প্ৰদান কৰি আহিছিল।

ইফালে আটকাধীন মহিলা গৰাকীৰ ভাষ্য অনুসৰি মহিলা গৰাকীয়ে ১৮ মে’ত মৰিগাঁও অসামৰিক চিকিৎসালয়ত সম্পৰ্কীয় লোকৰ চিকিৎসাজনিত খবৰ ল’বলৈ গৈছিল। আৰু তেতিয়াই আঢ়ৈ বছৰীয়া শিশুটিৰ মাক-বাপেকৰ সৈতে চিনাকী হয়।

পিছত মহিলা গৰাকীয়ে নিজৰ সন্তান নথকাৰ বাবে আঢ়ৈ বছৰীয়া শিশুটিক চিকিৎসালয়খনৰ পৰা অপহৰণ কৰি নিয়ে।

Related News