NORTHEAST NOW (Assamese)

সমাজকৰ্মী অনুৰাম ভূঞাৰ মৃত্যুত মাজুলীৰ দল-সংগঠনৰ শোক প্ৰকাশ

May 21, 2018 8:41 pm · মিটু খাটনিয়াৰ

 

দীর্ঘ দিন ধৰি অসুস্থ হৈ থকা মাজুলী আহঁতগুৰি মৌজাৰ ভীমপৰা গাঁৱৰ একালৰ সৰবৰহি ব্যক্তি, সমাজকৰ্মী অনুৰাম ভূঞাৰ আজি পুৱা ৫.১৩ বজাত মৃত্যু হয়।

আভ্যন্তৰীণ জলসম্পদ বিভাগৰ কৰ্মচাৰী, আঞ্চলিক দল অগপৰ প্ৰতিষ্ঠাপক সদস্য, বৃহত্তৰ দক্ষিণ মাজুলী শংকৰ মাধৱ মিলন কৃষ্টি সংঘৰ প্ৰতিষ্ঠাপক সদস্য, ভীমপৰা গাঁও উন্নয়ন সমিতি, গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক সম্পাদক, ব্ৰহ্মপুত্ৰ কনিষ্ঠ মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক, সূত সন্মিলনীৰ আহঁতগুৰি আঞ্চলিক সমিতিৰ সদস্য ভূঞা দেৱৰ মৃত্যুৰ সময়ত বয়স আছিল ৫০ বছৰ।

আনহাতে অনুৰাম ভূঞাৰ মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰাৰ লগতে মাজুলীৰ বিভিন্ন দল-সংগঠনে বিশিষ্ট সমাজকৰ্মী গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। ভূঞাদেৱ দক্ষিণ আহঁতগুৰিৰ ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাবান কার্যকৰ্তা আছিল।

Related News