সমাজ উন্নয়নৰ বাবে আধুনিকীকৰণৰ লগতে সংস্কৃতি সংৰক্ষণ কৰাটো প্ৰয়োজনীয়: জিষ্ণু দেববাৰ্মা

Jishnu-Debbarma-1-570x320

সমাজৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে আধুনিকীকৰণৰ লগতে সংস্কৃতি সংৰক্ষণ কৰাটো প্ৰয়োজনীয় বুলি সোমবাৰে ত্ৰিপুৰাৰ উপমুখ্য মন্ত্ৰী জিষ্ণু দেববাৰ্মাই উল্লেখ কৰে।

আগৰতলাৰ চহিদ ভগত সিং য়ুথ হোষ্টেলত আয়োজিত জনজাতি শিক্ষাবিদ মঞ্চৰ তৃতীয় বাৰ্ষিক সাধাৰণ অধিৱেশনখন শুভ উদ্বোধন কৰি উপমুখ্য মন্ত্ৰীজনে এই কথা সদৰী কৰে। এই সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে জনজাতি কল্যাণ মন্ত্ৰী মেৱৰ কুমাৰ।

অধিৱেশনখন শুভ উদ্বোধন কৰি উপমুখ্য মন্ত্ৰী দেববাৰ্মাই শিক্ষাবিদ সকলক সমাজৰ উন্নয়নৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়।

উল্লেখ্য যে অনুসূচিত জনজাতিক প্ৰতিনিধিত্ব কৰা ত্ৰিপুৰাৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষক অধ্যাপক সকলৰ দ্বাৰা গঠন কৰা হৈছিল জনজাতি শিক্ষাবিদ মঞ্চ।

জনজাতি শিক্ষাবিদ মঞ্চৰ সভাপতি ড০ বাবুধনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অধিৱেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০০ জনৰো অধিক শিক্ষাবিদে অংশ লয়।

এই অধিৱেশনৰ সময়তে শিক্ষাবিদ মঞ্চই বিভাগীয় মন্ত্ৰীক বিভিন্ন দাবী সম্বলিত এখন পত্ৰও প্ৰদান কৰে। এই দাবী পত্ৰত মঞ্চই অতি শীঘ্ৰে সকলো মহাবিদ্যালয়তে ককবৰকৰ সহকাৰী অধ্যাপক নিযুক্ত দিয়া, ককবৰকত ৰোমান লিপি বাস্তবায়ন কৰা আৰু সকলো মহাবিদ্যালয়তে অনুসূচিত জনজাতি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হোষ্টেল নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে।

ইয়াৰ উপৰি বনস্থলী বিদ্যাপীঠ বিশ্ববিদ্যালয়ৰ অনুসূচিত জনজাতি ছাত্ৰীসকলৰ বৃত্তি বাহাল ৰখা, বি এড ডিগ্ৰী গ্ৰহণ কৰা শিক্ষাৰ্থীসকলক বৃত্তি প্ৰদানৰ লগতে মঞ্চই বিভাগীয় মন্ত্ৰীক বিভিন্ন দাবী সম্বলিত প্ৰস্তাব আগবঢ়ায়।