NORTHEAST NOW (Assamese)

ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ প্ৰাক্তন সঞ্চালক, পলাতক কুমুদ কলিতাক গ্ৰেপ্তাৰ চিবিঅাইৰ

January 8, 2018 5:32 pm · এন ই নাও নিউজ
সমাজ কল্যাণ বিভাগৰ প্ৰাক্তন সঞ্চালক কুমুদ কলিতা

ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ ২০০০ কোটি টকীয়া কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খোৱা বিভাগটোৰ প্ৰাক্তন সঞ্চালক, আই এ এছ বিষয়া কুমুদ কলিতাক আজি গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আত্মসমৰ্পন কৰিবলৈ আহি থকা অৱস্থাতে যোৱা ফ্ৰেব্ৰুৱাৰি মাহৰ পৰা পলাতক অৱস্থাত থকা অভিযুক্ত কলিতাক  চি বি আয়ে গ্ৰেপ্তাৰ কৰে।

২০১৪-১৫ চনত সমাজ কল্যাণ বিভাগৰ সঞ্চালকৰ দ্বায়িত্বত থকা কুমুদ কলিতা সমাজ কল্যাণ বিভাগৰ শিশু উন্নয়ন আঁচনি আৰু অংগনবাড়ী কেন্দ্ৰৰ দুৰ্নীতিৰ অভিযোগত অভিযুক্ত আছিল।

উল্লেখযোগ্য যে বিজেপি শাসনলৈ অহাৰ পিছতে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত সকলো বিভাগৰে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক নিৰ্দেশনা জাৰি কৰাৰ পিছতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্য্যকালত সমাজ কল্যাণ বিভাগত ২০০০ কোটি টকাৰ কেলেংকাৰী হোৱা বুলি চৰকাৰে ঘোষণা কৰিছিল।

ৰাজ্যৰ দুৰ্নীতি নিবাৰক শাখাই পলাতক বিষয়াজনৰ সন্ধান দিওঁতালৈ ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।

Related News