NORTHEAST NOW (Assamese)

সমাপ্ত হৈছে কংগ্ৰেছ যুগৰ : মুখ্য মন্ত্ৰী চাংমা

May 19, 2018 11:53 am · এন ই নাও নিউজ
মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ ফাইল ফটো

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই শুকুৰবাৰে কয় যে কংগ্ৰেছ যুগৰ অৱসান ঘটিছে। তেওঁ আৰু কয় যে ৰাইজে অকল  মেঘালয়তেই নহয়, ভাৰতৰ বিভিন্ন ৰাজ্যত দলটোক প্ৰত্যাখ্যান কৰিছে।

ইন্দিৰা গান্ধীৰ সময়ত কংগ্ৰেছে ভাৰতৰ অধিক সংখ্যক ৰাজ্যতেই শাসন কৰিছিল, কিন্তু ৰাহুল গান্ধী আৰু মুকুল চাংমাৰ সময়ত কংগ্ৰেছ মাত্ৰ দুখন ৰাজ্যত সীমাবদ্ধ হৈ ৰৈছে বুলি মন্তব্য কৰে মুখ্য মন্ত্ৰীগৰাকীয়ে। আমপাতি সমষ্টিৰ বাবে অহা ২৮ মে’ত অনুষ্ঠিত হ’বলগীয়া উপনিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থী ক্লিমেণ্ট এম মোমিনৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবলৈ অহি মুখ্য মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

উল্লেখ্য যে কংগ্ৰেছ দলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাক বৰ্তমানৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই এই বছৰৰ ফেব্ৰুৱাৰি মাহৰ বিধানসভা নিৰ্বাচনত পৰাস্ত কৰিছিল।

মুখ্য মন্ত্ৰী কনৰাড চাংমাই কয় যে নৱগঠিত গল হলেও এন পি পিয়ে মেঘালয়, মণিপুৰ আৰু নাগালেণ্ডৰ শাসনাধিস্থ মৰ্চা চৰকাৰৰ অংশ।

তেওঁ আৰু কয় যে আমপাতিৰ বিধানসভা সমষ্টিৰ জনসাধাৰণে পৰিৱৰ্তনৰ বাবে এন পি পিক ভোট দিব।

স্মৰ্তব্য যে প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাই আমপাতি আৰু ছংছাক দুয়োটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি দুয়োটাতে বিজয়ী হৈছিল আৰু তেওঁ ছংছাক সমষ্টিটোৰ বিধায়ক হৈ আমপাতি সমষ্টিৰ বিধায়কৰ পদ পৰিত্যাগ কৰিছিল। আমপাতি সমষ্টিৰ বিদায়কৰ আসমখন শূন্য হৈ পৰাত তাত উপনিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অগবঢ়া হৈছে। এই উপ নিৰ্বাচনত মুকুল চাংমাৰ দুহিতা মিয়ানি দালবত শ্বিৰাই কংগ্ৰেছৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

Related News