• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাইজে চৰকাৰৰ কাম-কাজৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে : মুখ্যমন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2018 11:18 am
বৰপেটাৰোড
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’এতিয়া চাকৰিৰ বাবে মন্ত্ৰী-বিধায়কৰ ওচৰ চাপিব নালাগে। নিজৰ যোগ্যতাৰে আজিৰ প্ৰজন্মই চাকৰি লাভ কৰিছে। ৰাইজে চৰকাৰৰ কাম-কাজৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে,’’- বহুদিনীয়া আশা পূৰণ কৰি শুকুৰবাৰে বৰপেটাৰোডত মুখ্যমন্ত্ৰী সোণোৱালে বৰপেটাৰোড চহৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা ৬নং ৰাজ্যিক গড়কাপ্টানী পথটোৰ ৰে’লপথৰ ওপৰত ৪৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া অ’ভাৰব্ৰীজ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

বৰপেটাৰোডত স্থানীয় গোপীনাথ বৰদলৈ হাইস্কুল খেলপথাৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে নিৰ্মাণকাৰ্যৰ শুভ আৰম্ভণি কৰি গোপীনাথ বৰদলৈক সোঁৱৰণ কৰে। ভাষণত সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰাৰ বাবে শ্ৰীমন্ত শংকৰ-মাধৱ গুৰু দুজনাই দেখুৱাই যোৱা আদৰ্শৰ কথা উল্লেখ কৰে।

Apply Now

মুখ্যমন্ত্ৰীয়ে ৰূপকোঁৱৰৰ গীতৰ উল্লেখেৰে অসমৰ নৱ প্ৰজন্মক বিশ্ব জয় কৰিব লাগিব বুলি আহ্বান জনায়। দক্ষতা বিকাশ কেন্দ্ৰৰ জৰিয়তে ৰাজ্যৰ যুৱ প্ৰজন্মক দক্ষ কৰি গঢ়ি তোলা হ’ব বুলি তেওঁ  কয়। দুৰ্নীতিমুক্ত চৰকাৰ গঠনৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতাক প্ৰশংসা কৰি দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক জে’ললৈ পঠোৱাৰ কথাও উল্লেখ কৰে।

আনহাতে,, সভাখনত ভাষণ দি বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুবছৰৰ ভিতৰত অ’ভাৰব্ৰীজখনৰ নিৰ্মাণকাৰ্য সম্পন্ন হ’ব বুলি প্ৰকাশ কৰে। মন্ত্ৰীজনে সৰভোগতো ৰে’ল পথৰ ওপৰত এখন অ’ভাৰব্ৰীজ হ’ব বুলি ঘোষণা কৰে। তেওঁ লগতে কয় যে দুবছৰৰ ভিতৰত চৰকাৰে উন্নয়নৰ বাতাৱৰণ সৃষ্টি কৰিছে। এক কোটি ষাঠি লাখ মানুহক অটল অমৃত কাৰ্ড দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে।

বৰপেটাত অসমৰ দ্বিতীয়খন সৰ্ববৃহৎ কেন্সাৰ হস্পিতাল স্থাপন হ’ব বুলিও ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে ২০ হাজাৰ কিল’মিটাৰ গড়কাপ্টানী পথ একেলগে মেৰামতি কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ আমাৰ ৰাজ্যখনক এচাম লোকে পুনৰ অশান্ত কৰাৰ চেষ্টা চলাইছে বুলি ব্যক্ত কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে কয়,  ‘’অসমে পুনৰ ঐতিহাসিক ভুল কৰিব নালাগে। বিকাশৰ ৰাজনীতি আৰম্ভ কৰিব লাগে। কাজিৰঙাৰ মাটি বেদখল কৰা, মাদানীৰ সৈতে একেলগে বহা মানুহে অসম অশান্ত কৰাৰ চেষ্টা চলাইছে। আন্দোলন কৰিলে শান্তি নাহে।‘’

ভাষণ প্ৰসংগত তেওঁ বৰপেটাৰ সত্ৰকে ধৰি বিভিন্ন সত্ৰৰ মাটি কোনে দখল কৰিছে বুলি প্ৰশ্ন তুলি কয়, ‘‘অসমীয়াৰ অস্তিত্বৰ বিপদ ক’ৰ পৰা আহে অসমীয়াই জানে।‘’

‘’তথাকথিত বামপন্থী আৰু মাদানীয়ে আমাক শিকাব নালাগে। মই ক’বলৈ ভয় নকৰোঁ। ৪৫ দিন ধৈৰ্য ধৰাৰ আমাৰ কিয় সাহস নাই। ইতিহাস পঢ়িব লাগিব অসমীয়াই। ভাৰতীয় সংস্কৃতিৰ অনন্য হ’ল অসমীয়া সংস্কৃতি। ভাৰতবৰ্ষৰ ঐক্যৰ বাবে অসমীয়াই কাম কৰিছে। লাচিতে খেদা মোগলক আনি অসমত বহুৱাব বিচাৰিছে একাংশই। আমাক ভয় দেখুৱাবলৈ চেষ্টা নকৰিব। তিনি কোটি মানুহৰ ওচৰতহে আমি শিৰনত কৰিম। মাদানীৰ ওচৰত নহয়,’’-মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে ভাষণত বিজেপি বিৰোধী শক্তিক আক্ৰমণৰ লক্ষ্য কৰি লয়।

অনুষ্ঠানত সৰভোগ সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আদৰণী ভাষণ দিয়ে। সভাখনত জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ, জিলাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাৰ উপৰি কেইবাগৰাকী বিজেপিৰ নেতাই অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm
প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

July 12, 2026 7:45 pm
সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

July 12, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm
প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd