সাংবাদিক হত্যাৰ প্ৰতিবাদত বিজেপিৰ ত্ৰিপুৰা বন্ধত স্তব্ধ জনজীৱন

ত্ৰিপুৰাত বন্ধৰ প্ৰভাৱ।

ৰাজ্যখনত দুজনকৈ সাংবাদিক হত্যাৰ প্ৰতিবাদত আজি বিজেপি দলে আহ্বান কৰা ১২ ঘণ্টীয়া ত্ৰিপুৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হয়।সাংবাদিকক সুৰক্ষা প্ৰদান কৰাৰ লগতে সাংবাদিক হত্যাৰ চি বি আই তদন্তৰ দাবীত দলটোৱে ত্ৰিপুৰা বন্ধৰ আহ্বান জনাইছিল। হাতে হাতে পতাকা লৈ বিজেপি কৰ্মীসকলে ৰাজপথলৈ ওলাই আহি বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজপথত চলাচল কৰি থকা যান-বাহনসমূহ বিজেপি কৰ্মীসকলে বন্ধ কৰি দিয়ে। তেওঁলোকে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে আৰু মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ পদত্যাগ দাবী কৰে। পুৱাৰে পৰা ৰাজ্যখনৰ ৰাজধানী আগৰতলাৰ লগতে বিভিন্ন স্থানত ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান আৰু যান বাহনৰ চলাচল বন্ধ হৈ পৰে।

আজিৰ বিজেপিৰ ত্ৰিপুৰা বন্ধৰ সময়ছোৱাত ৰাজ্যখনৰ জনজীৱন স্তব্ধ হৈ পৰিছে। বিজেপিৰ ৰাজ্যিক সভাপতি সুনীল দেওধৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা শক্তিৰ বিৰুদ্ধে  এই প্ৰতিবাদ বুলি মন্তব্য কৰিছে। তেওঁলোকে ৰাজ্যৰ তদন্তকাৰী সংস্থাৰ পৰিৱৰ্তে চিবিআইৰ দ্বাৰা এই হত্যাকাণ্ডৰ তদন্তৰ দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ পদত্যাগো দাবী কৰে।

মঙলবাৰে ষ্টেট ৰাইফলছৰ জোৱানৰ গুলীত নিহত সাংবাদিক সুদীপ দত্ত ভৌমিকৰ মৃতদেহ লৈ কেইবা সহস্ৰাধিক লোকে আগৰতলাৰ ৰাজপথ উত্তাল কৰি তোলাৰ লগতে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন ঘেৰাও কৰে। ত্ৰিপুৰাৰ কেইবাটাও ছাত্ৰ সংগঠনৰ লগতে সাংবাদিক সংগঠনে সমদলত অংশগ্ৰহণ কৰে আৰু চৰকাৰে সাংবাদিকক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি সাংবাদিক হত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদত উত্তাল কৰি তোলে।

বুধবাৰে নিহত সাংবাদিক সুদীপ দত্ত ভৌমিকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত চিকিৎসালয়ৰ পৰা উলিয়াই অনাৰ পিছতে ৰাজ্যখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। জানিব পৰা মতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ৰাজ্যখনৰ ৰাজ্যপাল তথাগত ৰায়ৰ পৰা শেহতীয়া আইন শৃংখলা পৰিস্থিতিৰ বিষয়ে ফোনযোগে বাৰ্তালাপ কৰিছে। আনহাতে, গৃহমন্ত্ৰীৰ ফোনৰ পিছতে ৰাজ্যপালগৰাকী দিল্লী অভিমুখে ৰাওনা হয়।

উল্লেখযোগ্য যে যোৱা ২০ ছেপ্টেম্বৰত ত্ৰিপুৰাৰ মন্দাই নামৰ ঠাইত ইণ্ডিজিনিয়াছ পিপ’লছ্ ফ্ৰণ্ট অব ত্ৰিপুৰা নামৰ সংগঠনটোৱে অব্যাহত ৰখা পথ অৱৰোধ কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা ‘দিনৰাত’ নামৰ চেনেলৰ সাংবাদিক শান্তনু  ভৌমিকক উন্মত্ত লোকে আক্ৰমণ কৰি হত্যা কৰিছিল।