NORTHEAST NOW (Assamese)

সাত সাগৰ তেৰ নদীৰ সিপাৰৰ টমক বিদায় দি চকুলো টুকিলে মাজুলীবাসী ৰাইজে

April 23, 2018 10:37 pm · মিটু খাটনিয়াৰ

আজি মাজুলীবাসীৰ সকলোৰে চকুত চকুলো। বিশেষকৈ খোৰাহলা গাঁৱৰ কণ কণহঁতৰ পৰা ককা-আইতালৈকে গাঁওখনৰ প্ৰতিজনেই আজি উচুপি কান্দিছে। যিহেতু অঞ্চলটোৰ প্ৰত্যেকজনৰ বুকুৰ কুটুম হৈ পৰা টম আজি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ নিজৰ ঘৰলৈ যাবলৈ ওলাল।

উল্লেখযোগ্য যে আজিৰ পৰা এবছৰৰ পূৰ্বে মাজুলীলৈ আহিছিল টম বয়ড নামৰ সুদুৰ লণ্ডনৰ যুৱ পৰ্যটকজন। মাজুলীৰ মাটি বায়ু, সমাজ-সংস্কৃতি, সহজ-সৰল গাঁওবাসীৰ অকৃত্ৰিম ভালপোৱাই মোহিত কৰিছিল টমক।

মাজুলীৰ এই প্ৰাকৃতিক ব্যৱস্থাত আপ্লুত হৈ কিছুদিন মাজুলীতে থকাৰ চিন্তা কৰিছিল টমে। লগতে থকা দিন কেইটাত অসমীয়া কথা-বাৰ্তা, ভাওনা সংস্কৃতি আদি শিকাৰ আগ্ৰহ কৰিলে টমে।

আনকি নতুন কমলাবাৰী সত্ৰৰ ৰাসলীলা মহোৎসৱতো অভিনয় কৰি দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছিল টম। খোৰাহলা গাঁৱৰ নিতুল হাজৰিকাৰ বাসগৃহতে থাকি অসমীয়া মাত-কথা, সংস্কৃতি, মাজুলীৰ জীৱন প্ৰণালী আয়ত্ত কৰিবলৈ যত্নপৰ পৰ হ’ল টম । এনেদৰে টমে মাজুলীত পাৰ কৰিলে এটা ৰসাল বছৰ।

আনহাতে আজি টম সাত সাগৰ তেৰ নদীৰ সিপাৰৰ নিজৰ ঘৰলৈ টম যাবলৈ ওলোৱাত সমূহ গাঁওবাসী নামঘৰত মিলিত হৈ টমৰ কুশল কামনাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়।

Related News